Drugs peddler arrested: হেৰ’ইনসহ কৰিগঞ্জ আৰক্ষীৰ জালত 4 সৰবৰাহকাৰী - Drugs peddler arrested

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jun 7, 2023, 11:01 PM IST

কৰিমগঞ্জ, 7 জুন: কৰিমগঞ্জত হেৰ’ইনসহ আটক সৰবৰাহকাৰী ৷ মিজোৰামৰ পৰা কৰিমগঞ্জলৈ হেৰ’ইন সৰবৰাহ কৰাৰ সময়তে আৰক্ষীৰ জালত পৰে চাৰি সৰবৰাহকাৰী ৷ বুধবাৰে বিয়লি এক গোপন সূত্ৰৰ ভিত্তিত নিলামবজাৰ থানাৰ OC দীপজ্যোতি মালাকাৰৰ নেতৃত্বত এটা বৃহৎ আৰক্ষী বাহিনীয়ে ৰাষ্ট্ৰীয় ঘাইপথত অভিযান চলায় ৷ আৰক্ষীৰ দলটোৱে এখন অল্ট’ গাড়ীত তালাচী চলাই চাৰিটা সৰবৰাহকাৰীৰ সৈতে ২২টা চাবোনৰ বাকচত প্ৰায় ৩০০ গ্ৰাম ওজনৰ হেৰ’ইন জব্দ কৰে (Drugs seized in Karimganj)। 

আৰক্ষীৰ জালত পৰা সৰবৰাহকাৰী কেইটা হ’ল শিঙৰীয়া অঞ্চলৰ জাবিল হোছেইন, ব্ৰহ্মনশাছান গাঁৱৰ আব্দুল হাছিম, মুজিবুৰ ৰহমান, ৰূপৰগুল অঞ্চলৰ আব্দুল হামিদ । চোৰাং ব্যৱসায়ৰ বাবে ব্যৱহাৰ কৰা অল্ট’ গাড়ীখনো জব্দ কৰা হৈছে (Drug peddlers arrested)। 

লগতে পঢ়ক: Operation Against Bike thieves : কাছাৰত 20 খন বাইকসহ 8 টা চোৰ আটক

নিলামবজাৰ থানাৰ OC দীপজ্যোতি মালাকাৰে সংবাদ মাধ্যমক জনোৱা মতে, আইজলৰ পৰা কৰিমগঞ্জলৈ ড্ৰাগছ সৰবৰাহ হ’ব বুলি তেওঁলোকৰ হাতত গোপন তথ্য আছিল । সেই সূত্ৰৰ ভিত্তিত অভিযান চলায় সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে জব্দ কৰা হয় ড্ৰাগছখিনি ৷ জব্দ হোৱা হেৰ’ইনখিনিৰ বৰ্তমান বজাৰ মূল্য প্ৰায় 30 লাখ টকা হ’ব বুলিও উল্লেখ কৰে আৰক্ষী বিষয়াগৰাকীয়ে (Drugs seized with peddlers) । 

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.