Road Clock Tower:হোজাইৰ বাছ ষ্টেণ্ডত ৰোড ক্লক টাৱাৰৰ আধাৰশিলা স্থাপন - Municipal Corporation of Lanka
🎬 Watch Now: Feature Video
হোজাই, ১৬ আগষ্ট: হোজাইৰ লংকা বাছষ্টেণ্ডৰ সমীপত বুধবাৰে ৰোড ক্লক টাৱাৰৰ আধাৰশিলা স্থাপন কৰে হোজাই সমষ্টিৰ বিধায়ক ৰামকৃষ্ণ ঘোষে । উল্লেখ্য় যে,লংকা-নগাও, লংকা-উমৰাংচু, লংকা-লামডিং তিনিটা পথ সংযোগী মূল অভিকেন্দ্ৰ লংকা বাছ ষ্টেণ্ডত উক্ত ক্লক টাৱাৰৰ আধাৰশিলা স্থাপন কৰে বিধায়ক ৰামকৃষ্ণ ঘোষে ।
উক্ত শিলান্যাস কাৰ্যসূচীত বিধায়কৰ উপৰি উপস্থিত থাকে লংকা পৌৰ সভাৰ পৌৰনেত্ৰী পাৰমিতা ৰয় সাহা, ৱাৰ্ড মেম্বাৰসহ লংকাৰ বিশিষ্ট ব্য়ক্তিসকল । লংকা পৌৰসভাৰ পৌৰনেত্ৰী পাৰমিতা ৰায় সাহাই কয় যে, কিছুদিনৰ ভিতৰত লংকা চহৰখনক আন চহৰৰ দৰে জাকত জিলিকা কৰা হ'ব ।
লংকাৰ ২নং ৰে'ল গেটৰ উৰণ সেঁতুৰ পৰা লংকা ১নং ৰে'ল গেটৰ উৰণীয়া সেঁতু সংযোগী অৰ্থাৎ লংকা-নগাওঁ সংযোগী লংকা চহৰৰ মূল পথছোৱা গৌৰৱ পথ হিচাপে নামকৰণ কৰাৰ লগতে পুনৰ নিৰ্মাণ কৰা হ'ব । যি পথছোৱা বহল হোৱাৰ লগতে পথত থাকিব ষ্ট্ৰীট লাইট,পথৰ দুয়োকাষে হ'ব ৱাল পেইন্টিং। লগতে লংকাৰ ১১ টা বাৰ্ডতেই পৌৰ সভাৰ অধীনত পুনৰ নিৰ্মাণ হ'ব ১৭ টা পথ উপপথ ।
লগতে পঢ়ক:Public awareness programme:ডিফুত পৰিৱেশ সচেতনতাৰ বাবে একক প্লাষ্টিক বিৰোধী কৰ্মশালা