thumbnail

By ETV Bharat Assamese Team

Published : Nov 12, 2023, 12:49 PM IST

ETV Bharat / Videos

Embankment of burhi dihing river: ৮ কোটি টকীয়া বুঢ়ীদিহিং নদীৰ মথাউৰিৰ আধাৰশিলা স্থাপন

মৰাণ, ১২ নৱেম্বৰ: ৰাজ্য চৰকাৰে প্ৰতিশ্ৰুতি ৰক্ষাৰ কৰি নদীৰ মথাউৰিসমূহ নিৰ্মাণৰ বাবে তৎপৰ হৈছে । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে ডিব্ৰুগড়তো আৰম্ভ হৈছে বুঢ়ীদিহিঙৰ মথাউৰি নিৰ্মাণৰ কাম । নাহৰকটীয়াৰ চাচনী টিকিৰাবালি ঘাটৰ বুঢ়ীদিহিং নদীৰ মথাউৰি পথৰ শনিবাৰে আধাৰশিলা স্থাপন কৰা হয় । বুঢ়ীদিহিং নদীৰ পাৰত NABARD RIDF-XXVIII আঁ‌চনিৰ অধীনত ৮ কোটি ৩৪ লাখ টকা ব্যয়সাপেক্ষে নিৰ্মাণ হ'বলগীয়া ৪.১ কি,মি, দাহাল কলাগঢ়া গাঁও সংযোগী চাচনী টিংখং বান্ধ ফেইজ-২ মথাউৰি পথৰ নিৰ্মাণ কাৰ্যৰ আধাৰশিলা স্থাপন কৰে নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈয়ে ।

উল্লেখ্য যে পথচোৱাৰ দুৰবস্থাৰ বাবে বুঢ়ীদিহিং নৈপৰীয়া দাহাল আৰু কলাগঢ়া ৰাইজে দীৰ্ঘদিন ধৰি জীয়াতু ভুগি আহিছিল । শনিবাৰে এই পথছোৱা নিৰ্মাণৰ শুভাৰম্ভ কৰাৰ পিছত আশা কৰা হৈছে ৷ এই পথটি শীঘ্ৰে নিৰ্মাণ হৈ উঠিলে অঞ্চলটোৰ দীৰ্ঘদিনীয়া এক সমস্যাৰ অন্ত পৰাৰ লগতে নৈপৰীয়া ৰাইজ যথেষ্ট উপকৃত হ'ব ।

লগতে পঢ়ক:Tiger 3 Twitter Review: ছলমান খানৰ ‘টাইগাৰ ৩’ চাই প্ৰতিক্ৰিয়া প্ৰকাশ অনুৰাগীৰ, ছবিখন চোৱাৰ পূৰ্বে পঢ়ক ৰিভিউ

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.