জোনাইত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ষষ্ঠদশ দ্বিবার্ষিক অধিৱেশনৰ লাইখুঁটা স্থাপন - Srimanta Sankardeva Sangha
🎬 Watch Now: Feature Video


Published : Dec 12, 2023, 5:29 PM IST
জোনাই, ১২ ডিচেম্বৰ : সোমবাৰে ধেমাজি জিলাৰ জোনাইত আগন্তুক ২০২৪ বৰ্ষত অনুষ্ঠিত হ’বলগা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ষষ্ঠ দ্বিবার্ষিক অধিৱেশনৰ লাইখুঁটা স্থাপন কৰা হয় ৷ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ যুগল হাজৰিকা আৰু প্ৰধান সম্পাদক মুক্তি টায়েৰ লগতে সহস্রাধিক ভকত বৈষ্ণৱৰ উপস্থিতিত এই লাইখুঁটা স্থাপন কাৰ্যসূচী সমাপন কৰা হয় ৷ 2024 বৰ্ষৰ 19, 20 আৰু 21 জানুৱাৰীত অসম অৰুণাচল প্ৰদেশ সীমান্তৱৰ্তী ধেমাজি জিলাৰ জোনাই মহকুমাৰ ৰতকে জয়মাগুৰি টংকেশ্বৰ লালুং ক্ষেত্ৰত অনুষ্ঠিত কৰা হ’ব মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ষষ্ঠদশ দ্বিবার্ষিক জোনাই অধিৱেশন ।
ইয়াৰ পিচতে এতিয়া উদুলি মুদুলি জয়মাগুৰি টংকেশ্বৰ লালুং ক্ষেত্ৰ। সহস্ৰাধিক ভক্তৰ উপস্থিতিত হৰি নামে মুখৰিত হৈ পৰে সমগ্ৰ অঞ্চল। এই অধিৱেশনত সকলো ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিৰ আহ্বান জনায় উদ্যোক্তাসকলে ৷
লগতে পঢ়ক: খানাপাৰাত পথ দুৰ্ঘটনা, তীব্ৰবেগী ডাম্পাৰে মহতিয়াই নিলে কেইবাখনো বাহন