thumbnail

By

Published : Aug 7, 2023, 10:08 PM IST

ETV Bharat / Videos

Viral Audio Case : জামিনত মুক্তি লাভ প্ৰাক্তন বিজেপি নেতা লাচিত গগৈৰ

ডিফু , ৭ আগষ্ট : অৱশেষত মুকলি আকাশৰ তললৈ আহিল বিজেপিৰ অবিচি মৰ্চাৰ সদ্য প্ৰাক্তন সভাপতি লাচিত গগৈ ৷ সোমবাৰে বোকাজান মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতে খটখটি আৰক্ষী থানাৰ গোচৰ নং ৩০/২৩ ভাৰতীয় দণ্ডবিধি ১২০/বি, ৪২০, ৩৮৪, ৫০০ আৰু ৫১১ ধাৰাত ৰুজু হোৱা গোচৰত জামিন প্ৰদান কৰে লাচিত গগৈক ৷

উল্লেখ্য যে, কিছুদিন পূৰ্বে চিণ্ডিকেটৰ সৈতে জড়িত, সমাজিক মাধ্যমত ভাইৰেল হোৱা এটা অডিঅ’ ক্লিপৰ সৈতে নাম সাঙোৰ খাইছিল বিজেপি পৰা সদ্য অপসাৰিত নেতাজনৰ ৷ সামাজিক মাধ্যমত ভাইৰেল হোৱা এই অডিঅ’ ক্লিপৰ ভিত্তিত বিৰুদ্ধে ৰুজু হৈছিল গোচৰ ৷ এই গোচৰ সংক্ৰান্ততে নেতাজনক আটক কৰিছিল আৰক্ষীয়ে ৷  

উল্লেখযোগ্য যে ২১ জুলাইৰ পৰা লাচিত গগৈ ন্যায়িক জিম্মাত আছিল ডিফু কাৰাগাৰত ৷ ২ আগষ্টত ডিফু চি জে এম আদালতে ডিফু থানাৰ ৭৯/২৩ নম্বৰৰ গোচৰত জামিন প্ৰদান কৰিছিল লাচিত গগৈক ৷ দুয়োখন আদালতৰ পৰা জামিনত মুক্ত হৈ সোমবাৰে সন্ধিয়া ডিফু কাৰাগাৰত আৱদ্ধ হৈ থকা প্ৰাক্তন বিজেপি নেতা লাচিত গগৈ মুকলি আকাশৰ তললৈ আহিবলৈ সক্ষম হ'ল ৷  

মুকলি আকাশৰ তললৈ আহিয়েই সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত লাচিত গগৈয়ে কয় যে, তেওঁৰ বিৰুদ্ধে গভীৰ ষড়যন্ত্ৰ কৰা হৈছে ৷ সময়ত সকলো স্পষ্ট হৈ পৰিব ৷ আইনক তেওঁ গোচৰটোৰ ক্ষেত্ৰত আইনে বিচৰা ধৰণেই সহযোগ কৰিছে বুলিও মন্তব্য কৰে গগৈয়ে ৷

লগতে পঢ়ক : Barpeta Addl. SP Pradeep Saikia PC: একাংশ সংখ্যালঘু সম্প্ৰদায়ৰ যুৱকৰ সহযোগত জামতাৰাৰ চাইবাৰ অপৰাধী চক্ৰই অসমত পেলাইছে জাল

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.