Minister Dr Nazrul Islam Passes Away: কেৱল ৰাজনীতিকেই নহয়, এগৰাকী সু-চিকিৎসকো আছিল প্ৰাক্তন মন্ত্ৰী নজৰুল ইছলাম - প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী নজৰুল ইছলাম
🎬 Watch Now: Feature Video
দেওবাৰে অৰ্থাৎ কাইলৈ নগাঁৱত জানাজা সম্পন্ন হ’ব প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী তথা চিকিৎসক ডাঃ নজৰুল ইছলামৰ(Assam minister Dr Nazrul Islam) ৷ শনিবাৰে চিকিৎসালয়লৈ অনাৰ পথতে শেষ নিশ্বাস ত্যাগ কৰে জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকীয়ে(Former congress minister Nazrul Islam passed way) ৷ এগৰাকী সুদক্ষ ৰাজনীতিক হোৱাৰ উপৰিও চিকিৎসা সেৱাৰ সৈতেও জড়িত আছিল নজৰুল ইছলাম ৷ 1949চনৰ 12 আগষ্টত মৰিগাঁৱৰ মৈৰাবাৰীত জন্ম লাভ কৰা নজৰুল ইছলামে উলুবাৰী প্ৰাথমিক বিদ্যালয়ত শিক্ষা জীৱন আৰম্ভ কৰে ৷ ইয়াৰ পিছত নগাঁও হয়বৰগাঁও হাইস্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ বিজ্ঞান শাখাত স্নাতক ডিগ্ৰী লাভ কৰে ৷ পৰৱৰ্তী পৰ্যায়ত কোকৰাঝাৰ কচুগাঁৱৰ চিকিৎসা কেন্দ্ৰত নিযুক্তি লাভ কৰে ৷ কচুগাঁও চিকিৎসা কেন্দ্ৰত তিনিবছৰ চিকিৎসা সেৱা আগবঢ়োৱাৰ পিচত হোজাইৰ ডবকাত নিযুক্তি লাভ কৰে ৷ অৱশেষত 1996 চনত লাহৰীঘাট সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াই জয় লাভ কৰে ৷ একেৰাহে 5 বাৰৰ বাবে লাহৰীঘাট সমষ্টিৰ পৰা বিধায়ক হিচাপে জয় লাভ কৰিছিল ডাঃ নজৰুল ইছলামে ৷
Last Updated : Feb 3, 2023, 8:38 PM IST