ৱাহ ৱাহ ! বন্যহস্তীক বাঁহেৰে মৰিয়াই বীৰত্ব জাহিৰ কমলৰ - বন বিভাগ
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/13-12-2023/640-480-20246784-thumbnail-16x9-fire222.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Dec 13, 2023, 9:42 AM IST
গোলাঘাট, 12 ডিচেম্বৰ : গোলাঘাটত অব্যাহত আছে হাতী-মানুহৰ সংঘাত ৷ এইবাৰ জিলাখনত বন্যহস্তী আক্ৰমণকাৰীৰ বিৰুদ্ধে কঠোৰ হৈছে গোলাঘাট বন বিভাগ। সোমবাৰে নিশা বন্যহস্তীক আক্ৰমণ কৰা এজন লোকক কৰায়ত্ত কৰিছে গোলাঘাট বন বিভাগে । আটক লোকজনৰ নাম কমল গোৱালা বুলি জানিব পৰা গৈছে ।
বৃহত্তৰ থুৰামুখৰ অভয়জান এলেকাৰ মাজেৰে বন্যহস্তী পাৰ হৈ যাওঁতে খেদি খেদি আক্ৰমণ কৰিছিল কমল গোৱালা নামৰ লোকজনে । ইয়াৰ পিচতে নিশাই গোলাঘাট বন বিভাগৰ এটা দলে অভিযান চলাই আটক কৰি সোধ পোছা অব্যাহত ৰাখিছে কমল গোৱালাক।
ইফালে আটকাধীন কমল গোৱালাই অকপটে স্বীকাৰোক্তি প্ৰদান কৰে, "বাঁহৰ লাখুটিৰে হাতীৰ পিঠিত মাৰিছিলো।" বন বিভাগে জানিবলৈ দিয়া মতে Wild Life Protection Act ৰ অধীনত কৰায়ত্ত কৰা হৈছে কমল গোৱালাক ৷ অচিৰেই বন বিভাগে কমলৰ সহযোগীকো আটক কৰিব বুলি জানিবলৈ দিয়ে।
লগতে পঢ়ক: গুৱাহাটীৰ একাংশ বিলাসী ৰিজ'ৰ্ট-পাবত ব্যয়বহুল ড্ৰাগছৰ বেহা