মহাবাহু বুকৱেদি কলিয়াবৰৰ শিলঘাটত উপস্থিত এঘাৰ পৰ্যটকৰ দল - অসম সমবায় মৰাপাট কল পৰিদৰ্শন

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Nov 17, 2023, 12:47 PM IST

কলিয়াবৰ, 17 নৱেম্বৰ : কান্ধত ঢোল, হাতত পেঁপা তুলি ব্ৰহ্মপুত্ৰৰ বুকুৱেদি আহি শিলঘাটত নাচনীক নচুৱালে বিদেশী পৰ্যটকৰ ঢুলীয়াই ৷ ঢোলৰ মাত শুনি ৰ’ৱ নোৱাৰিলে বিদেশী পৰ্যটকৰ নাচনীয়েও ৷ মুঠৰ ওপৰত আৱতৰীয়া বিহুৰ বা-ত নাচি উঠিল কলিয়াবৰৰ শিলঘাট ৷

উল্লেখ্য যে, বৃহস্পতিবাৰে বিয়লি এম ভি মহাবাহুৰে কলিয়াবৰত উপস্থিত হয় অষ্ট্ৰেলিয়া, কানাডা, ইংলেণ্ড, হংকং, চুইডেনৰ পৰা অহা এঘাৰজনীয়া এটা বিদেশী পৰ্যটকৰ দল । বিদেশী পৰ্যটকৰ দলটোৱে ব্ৰহ্মপুত্ৰৰ বুকুয়েদি আহি শিলঘাটত উপস্থিত হয় আৰু অসম সমবায় মৰাপাট কল পৰিদৰ্শন কৰে ।

পৰ্যটকৰ দলটোৱে কলিয়াবৰ চাহ বাগিচা পৰিদৰ্শন কৰি সেউজীয়া চাহৰ গছবোৰ দেখি অভিভূত হৈ পৰে ৷ আনকি বিদেশী পৰ্যটকৰ দলটোৰ দুগৰাকী মহিলাই মূৰত টুকুৰী লৈ চাহপাতো তোলা দেখিবলৈ পোৱা গ’ল ৷ এই পৰ্যটকৰ দলটোক আদৰণি জনোৱাৰ উদ্দেশ্যে স্থানীয় যুৱক-যুৱতীৰ দ্বাৰা বিহুনাচো প্ৰদৰ্শন কৰা হয় ৷ 

ইফালে বৃহস্পতিবাৰে বিয়লি কলিয়াবৰত উপস্থিত হোৱা এই দলটোৱে নিশাটো এম ভি মহাবাহুতে থাকে ৷ শুকুৰবাৰ অৰ্থাৎ আজি পুৱাই এই দলটোৱে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ যাত্ৰা কৰে।

লগতে পঢ়ক : আলি আয়ে লৃগাঙত ৰাজ্যিক বন্ধৰ দাবী কৃষক মুক্তি সংগ্ৰাম সমিতিৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.