Food poisoning in Sivasagar:শিৱসাগৰত খাদ্যত বিষক্ৰিয়াত আক্ৰান্ত ১৮ - Food poisoning in Sivasagar

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jul 10, 2023, 8:43 PM IST

নাজিৰা, ১০ জুলাই : শিৱসাগৰ জিলাৰ বকতা লাখমনি পথলিয়াল কৈৱৰ্ত্ত গাঁৱত সংঘটিত হৈছে খাদ্যত বিষক্ৰিয়াৰ ঘটনা ৷ খাদ্যত বিষক্ৰিয়া হৈ গাঁওখনৰ ১৮ জনকৈ লোক চিকিৎসাধীন হ'বলগীয়া হৈছে । ইয়াৰে বহুকেইজন লোক লাকুৱাৰ আদৰ্শ চিকিৎসালয়ত ভৰ্তি হৈ আছে । আনহাতে,কেইবাজনো আক্ৰান্ত লোক জয়সাগৰস্থিত শিৱসাগৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ৷  

 উল্লেখ্য় যে উক্ত গাঁওখনৰ নৱজোতি দাস নামৰ লোকজনৰ ঘৰত শুক্ৰবাৰে আয়োজন কৰা হৈছিল সবাহ । এই সবাহৰ ভোজ খাই গাঁওখনৰ লোকসকল বিষক্ৰিয়াত আক্ৰান্ত হয় ৷ লোকসকলে খাদ্য়গ্ৰহণৰ পিচতে শৌচ-বমি কৰাত তেওঁলোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ।

লগতে পঢ়ক:Dipika Kakar: পুত্ৰৰ সৈতে একেলগে চিকিৎসালয়ৰ বাহিৰত দেখা গ’ল শ্বোৱেইব ইব্ৰাহিমৰ সৈতে দীপিকা ককৰক, অনুৰাগীক জনালে ধন্যবাদ

For All Latest Updates

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.