Flood in Assam: পহুমাৰা নদীৰ মথাউৰি ভাগিল পাঠশালাত - Pohumari river embankment broke in pathshala
🎬 Watch Now: Feature Video
পাঠশালা, ২২ জুন : অধিক জটিল হৈছে নামনি অসমৰ বান পৰিস্থিতি ৷ শেহতীয়াভাৱে পহুমাৰা নদীৰ মথাউৰি ভাগিল পাঠশালাত ৷ পাঠশালাৰ সমীপৰ কেন্দুগুৰিৰ কটাহবাৰীত ভাগে পহুমাৰা নদীৰ মথাউৰি ৷ পুৱতি নিশা মথাউৰিটো ভগাৰ ফলত নিমিষতে বানে থান-বান কৰি উটুৱাই লৈ যায় তিনিটাকৈ ঘৰ ৷ পৰৱৰ্তী সময়ত কেইবাটাও ঘৰ বিধ্বস্ত কৰে বানে ৷
ইফালে বজালীৰ বিস্তৰ অঞ্চল এতিয়া পানীৰ তলত ৷ অৱনতি ঘটিছে বান পৰিস্থিতিৰ । ভূটানৰ পৰা নামি অহা পানীয়ে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে পাঠশালাৰ লগতে বাক্সা জিলাৰ বিস্তৰ অঞ্চলত । বিশেষকৈ পহুমাৰা নদীৰ মথাউৰি ভগাৰ পৰিণতিত আৰু পূব দিশৰ পৰা পাৰ ভাগি অহা কালদিয়াৰ পানীয়ে নিমিষতে বুৰাই পেলাইছে সমগ্ৰ পাঠশালা ।
কেৱল পাঠশালাই নহয়, ইয়াৰ সমীপৱৰ্তী বিভিন্ন প্ৰান্ত এতিয়া বাঢ়নী পানীৰ তলত ৷ বিভিন্ন স্থানত বাট-পথ পানীৰ তলত বুৰ যোৱাত যোগাযোগ ব্যৱস্থা ব্যাহত হৈ পৰিছে ৷ পাঠশালা কলেজ ৰোড আৰু বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয় পথ আৰু কলেজ ৰোড এই সকলো এতিয়া পানীৰ তলত ৷ আনকি ভট্টদেৱ বিশ্ববিদ্যালয়কে ধৰি প্ৰায়বোৰ শিক্ষানুষ্ঠানৰ লগতে চিকিৎসালয়ো এতিয়া বানৰ তলত ৷ লগতে বন্ধ হৈ পৰিছে ব্যৱসায় প্ৰতিষ্ঠানো ।
জানিবপৰা মতে, নলবাৰীৰ ৫ টা ৰাজহ চক্ৰৰ শতাধিক গাঁও বানৰ কবলত । পাগলাদিয়া, নোনা নৈৰ বানে মাতিছে বিপদ । জিলাখনত বৰ্তমানলৈকে বানত ক্ষতিগ্ৰস্ত হৈছে ১,১২৪ গৰাকী লোক । নলবাৰী ৰাজহচক্ৰৰ ১৪ খন, বানেকুছিৰ ৩ খন গাঁও বানত আক্ৰান্ত । সমান্তৰালভাৱে বৰভাগৰ ৩৩, ঘগ্ৰাপাৰৰ ৪০, টিহুৰ ১০খন গাঁও এতিয়া জলমগ্ন ।
লগতে পঢ়ক: Student died in TU : তেজপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰাবাসৰ কোঠাত মৃত অৱস্থাত উদ্ধাৰ ছাত্ৰৰ মৃতদেহ