Flood in Dhemaji: ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে বাগৰিছে জীয়াঢলৰ বাঢ়নী পানী - Assam Flood
🎬 Watch Now: Feature Video
ধেমাজি,16 জুলাই: ৰাজ্যৰ বিভিন্ন স্থান হোৱা নেৰানেপেৰা বৰষুণে বিপদ কঢ়িয়াইছে ৰাইজলৈ ৷ মুষলধাৰ বৰষুণৰ ফলত পুনৰ জীয়াঢল নদীৰ জলস্তৰ বৃদ্ধি পাইছে ৷ জীয়াঢলৰ কাংকু সুঁতিৰ বাঢ়নী পানীয়ে বুৰালে ধেমাজি জীয়াঢল চাৰিআলিৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ ৷ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ প্ৰায় 1 কিঃমি পথ বাঢ়নী পানীয়ে বুৰাই পেলোৱাত যাতায়তৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হৈছে ৷
জীয়াঢলৰ কাংকু সুঁতিৰ বাঢ়নী পানীত বুৰ গৈছে হেচুলি, চেচাঁসহ, ন-আলি ভজু গাওঁ, শালমাৰী, জালভাৰী আদি কেইবাখনো গাঁও ৷ বানত বুৰ গৈছে শ শ কৃষি ভূমি ৷ উল্লেখ্য যে কেইদিনমানৰ পূৰ্বে ধেমাজি জিলা প্ৰশাসনে ৰাষ্টীয় ঘাইপথটো দাঁতিত খনন কৰি নদীখনৰ সুঁতি সলনি কৰাৰ বাবে চেষ্টা কৰিছিল যদিও কাৰ্যত ব্যৰ্থ হ’ল ৷ আনহাতে বানাক্ৰান্ত লোকৰ খবৰ লবলৈ আহৰি নাই প্ৰশাসনৰ ৷ বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থাৰ দাবীৰে বন্যাৰ্তৰ ৷