Tinsukia Flood : ভদীয়া বানে বুৰাইছে লাইকা-দধিয়া, বানাক্ৰান্ত লোকক উদ্ধাৰ কৰা দুখনকৈ নাও আৱদ্ধ পানীৰ মাজত - চাবুৱা ৰাজহচক্ৰ
🎬 Watch Now: Feature Video
Published : Aug 28, 2023, 10:31 PM IST
তিনিচুকীয়া, 28 আগষ্ট : কিছুদিন ধৰি ৰাজ্যৰ লগতে চুবুৰীয়া ৰাজ্যত হোৱা প্ৰবল বৰষুণৰ ফলত ওফন্দি উঠিছে নৈৰ জলস্তৰ ৷ ফলত বহু ঠাইত বিপদ সীমাৰ ওপৰেৰে বৈছে পানী ৷ ডিব্ৰু নৈৰ বাঢ়নী পানীয়ে বুৰাইছে গুইজান, নতুন ৰঙ্গাগড়া গাঁও ৷ আনহাতে লাইকা-দধিয়াত বানে লৈছে প্ৰলয়ংকাৰী ৰূপ ৷ সোমবাৰে লাইকা-দধিয়াবাসীয়ে ঘৰ-বাৰী, পোহনীয়া জীৱ জন্তু এৰি প্ৰাণৰ শংকাত ওখ স্থানলৈ যাব লগা হৈছে ৷
আনহাতে চাবুৱা ৰাজহচক্ৰৰ অন্তৰ্গত দধিয়াৰ ৰাইজক উদ্ধাৰ বাবে ব্যৱহাৰ কৰা হৈছিল কেইবাখনো যন্ত্ৰচালিত নাও ৷ কিন্তু দিনৰ প্ৰায় 4 বজাত বানাক্ৰান্ত লোকক উদ্ধাৰ কৰি লৈ অহা দুখনকৈ নাও পানীৰ মাজত আবদ্ধ হৈ পৰে ৷ ফলত যাত্ৰীসকলৰ মাজত আতংকৰ সৃষ্টি হয় ৷ নাও দুখনত দুই শতাধিক লোক আছিল বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়ক:Community marriage in Tinsukia : একেলগে বিবাহপাশত আৱদ্ধ হ’ল ৩৯৪ জোৰা দৰা-কইনা