Flood in Kaziranag National Park:বছৰৰ দ্বিতীয়টো বানত জলমগ্ন হ’ল কাজিৰঙা

By

Published : Jul 17, 2023, 7:50 PM IST

thumbnail

কলিয়াবৰ,17 জুলাই: ৰাজ্যৰ বিভিন্ন প্ৰান্তত হোৱা ধাৰাষাৰ বৰষুণৰ বাবে কেইবাখনো নদীৰ জলস্তৰ বৃদ্ধি পাইছে ৷ জীয়াঢল, ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধিৰ ফলত বাঢ়নী পানীয়ে পুনৰ বুৰাই পেলাইছে বিভিন্ন অঞ্চল ৷ ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীৰ কবলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৷ বছৰটোৰ দ্বিতীয়টো বানত জলমগ্ন হ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৷ ৰাষ্ট্ৰীয় উদ্যানখনৰ কলিয়াবৰ মহকুমা অন্তৰ্গত বুঢ়াপাহাৰ বনাঞ্চলৰ ৪ টা বন শিৱিৰৰ লগতে বাগৰি বনাঞ্চলৰ ৬ টা বন শিৱিৰ এতিয়া বানৰ কবলত।

বানত ডুব যোৱা এলেকা সমূহৰ পৰা বন্য জীৱ-জন্তু ঢাপলি মেলিছে ওখ ঠাইলৈ ৷ পুৱতি নিশা হৰিণাৰ জাক এটা কাঞ্চনজুৰি এনিমেল ক'ৰিডৰেৰে ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হোৱাৰ খবৰ পোৱা গৈছে । ৰাষ্ট্ৰীয় উদ্যানখনৰ অন্তৰ্ভাগৰ হাইলেণ্ডত আশ্ৰয় গ্ৰহণ কৰিছে বন্য জন্তুৱে । বানৰ বাবে কিছু বন্যজন্তু ৰাষ্ট্ৰীয় ঘাইপথৰ নিচেই কাষত আহি খাদ্যৰ সন্ধানত আৰু আশ্ৰয় লৈছে । ইফালে বন্যপ্ৰাণীক সুৰক্ষা তথা বান বিভীষিকাৰ সৈতে মোকাবিলা কৰিবলৈ সষ্টম ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ। ৰাষ্ট্ৰীয় ঘাইপথেৰে যানবাহন চলাচলৰ ক্ষেত্ৰত গতিবেগ ৰোধ কৰিবলৈও সক্ৰিয় প্ৰশাসন ৷

লগতে পঢ়ক:Deer rescued at Kaliabor:ব্ৰহ্মপুত্ৰত উটি অহা আঘাতপ্ৰাপ্ত পহু উদ্ধাৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.