Flood in Balipara: বানত বুৰিছে শোণিতপুৰৰ বিস্তীৰ্ণ অঞ্চল - Flood in Tezpur
🎬 Watch Now: Feature Video
Published : Aug 27, 2023, 1:00 PM IST
তেজপুৰ, ২৭ আগষ্ট: শোণিতপুৰৰ বালিপৰাত পুনৰ বাঢ়নী পানী । শনিবাৰে পুৱাৰ পৰাই জৰাসৰ নদীৰ বাঢ়নী পানীয়ে বুৰালে বালিপৰা আৰু চাৰিদুৱাৰৰ ঔহলা, ভোবোলা, ঢেকেৰীগাঁও, উদমাৰী গাঁও, দীঘলী গাঁও, দিঘলী বালিজানকে ধৰি কেইবাখনো গাঁও । বানত বুৰিল বালিপৰাৰ APDCL কাৰ্যালয়কে ধৰি কেইবাটাও চৰকাৰী কাৰ্যালয় ৷ ফলত বিদ্যুৎ যোগান ব্যাহত ৷ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰৰে বাগৰি থকা পানী দেওবাৰে পুৱা কিছু পৰিমানে কমিছে ।
১৫ নং ৰাষ্ট্ৰীয় ঘাই পথ শনিবাৰে বিয়লিৰ পৰা যান বাহনৰ চলাচলৰ বাবে মুকলি কৰা হৈছে । আনহাতে তেজপুৰ ডিপোতা, বাঁহবাৰী অঞ্চলত কেবাখনো জৰাসৰৰ বাঢ়নী পানীয়ে বুৰাই পেলোৱা ফলত পশুধনৰ বাবে হাহাকাৰ পৰিস্থিতি সৃষ্টি হৈছে । শোণিতপুৰ জিলাৰ আয়ুক্তৰ নিৰ্দেশত জিলাৰ বিষয়াসকলে বাঁহবাৰী অঞ্চলত পানীৰ কৱলত থকা লোকসকলৰ খাদ্যৰ যোগান ধৰে পানী ফলত ব্যাহত স্বাভাৱিক জনজীৱন । উল্লেখ্য যে সপ্তম বাৰলৈ জৰাসৰ নদীৰ বাঢ়নী পানীয়ে বুৰালে বালিপৰাৰ বিস্তীৰ্ণ অঞ্চল ।
লগতে পঢ়ক: Fire breaks out : মাজুলীৰ চেলেক চাপৰিত অগ্নিকাণ্ড; জাহ গ’ল 4 টা বাসগৃহ