Assam gunvatta sankalp:অসম তথা ভাৰত চৰকাৰৰ উদ্যোগত হোটেল ভিভাণ্টাত অসম গুণৱত্ত সংকল্প অনুষ্ঠান - হোটেল ভিভান্তাত অসম গুণৱত্ত সংকল্প অনুষ্ঠান

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Sep 12, 2023, 8:28 PM IST

গুৱাহাটী, ১২ ছেপ্টেম্বৰ : মহানগৰীৰ খানাপাৰাস্থিত হোটেল ভিভাণ্টাত অসম গুণৱত্ত সংকল্পৰ অনুষ্ঠান । অসম তথা ভাৰত চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ অধীনত থকা ভাৰতীয় গুণৱত্ত পৰিষদে আয়োজন কৰে এই অনুষ্ঠান ।

ভাৰতীয় গুণৱত্ত পৰিষদৰ বিষয়ববীয়া সকলৰ লগতে অসম চৰকাৰৰ বহুকেইটা বিভাগৰ বিষয়া উপস্থিত থাকে মঙলবাৰৰ এই বৈঠকত । অনুষ্ঠানটো উদ্বোধন কৰে অসম চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ সচিব ডঃ লক্ষ্মনণ এছ এ ।

অসমত প্ৰথমবাৰৰ বাবে আয়োজন কৰা এই অনুষ্ঠানত আলোচনা হয় সেৱা আৰু উৎপাদনৰ লগত জড়িত বহুকেইটা ক্ষেত্ৰৰ । শিক্ষা আৰু দক্ষতাৰ উপৰিও গুৰু তথা লঘূ উদ্যোগ সমূহৰ উৎপাদনৰ গুণগত মানদণ্ড উন্নত কৰাৰ বাবে আলোচনা কৰা হয় আজিৰ অনুষ্ঠানটোত । কৃষিখণ্ড আৰু পৰ্যটন তথা সাংস্কৃতিক ক্ষেত্ৰৰ আন্ত:গাথঁনিৰ গুণগত দিশৰ উন্নয়নৰ বিষয়েও আলোচনা হয় অনুষ্ঠানটোত । ভিন্ন ৰাজ্যৰ প্ৰায় ২৫ জন গাঁও প্ৰধানে অংশগ্ৰহণ কৰে আজিৰ বৈঠকত ।

লগতে পঢ়ক : Guwahati Central Jail: গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত সোমবাৰে উপস্থিত হয় ৫ জনীয়া বিধায়কৰ দল

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.