Over Dimensional Cargo in Numaligarh: নুমলীগড় শোধনাগাৰৰ বাবে বৃহৎ কাৰ্গ’ ধনশিৰি ঘাটত প্ৰৱেশ - Over Dimensional Cargo
🎬 Watch Now: Feature Video
নিউজ ডেস্ক, ১৭ জুন: নুমলীগড় শোধনাগাৰৰ বাবে ধনশিৰি ঘাটত প্ৰৱেশ কৰা প্ৰথমটো বৃহৎ আকৃতিৰ কাৰ্গ'ৰ আদৰণি জনায় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ নুমলীগড় শোধনাগাৰৰ বাবে অহা ৪৮৫ মেট্ৰিক টন ওজনৰ, ৩১.৫ মিটাৰ দৈৰ্ঘ্যৰ, ৮.২৫০ মিটাৰ প্ৰস্থৰ এই ডি.এইচ.টি. ৰিয়েক্টৰ- কলকাতাৰ পৰা ভাৰত-বাংলাদেশ প্ৰট'কল জলপথ হৈ ব্ৰহ্মপুত্ৰ হৈ ধনশিৰিৰে যাত্ৰা কৰি আহিছে ৷
"প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 'পৰিবহনৰ জৰিয়তে পৰিৱৰ্তন'ৰ দৃষ্টিভংগীৰ এয়া এক অভূতপূৰ্ব ৰূপায়ণ" বুলি মন্তব্য সৰ্বানন্দ সোণোৱালৰ ৷ ভাৰতীয় অভ্যন্তৰীণ জলপথ প্ৰাধিকৰণ আৰু এনআৰএলৰ মাজত স্বাক্ষৰিত বুজাবুজিৰ চুক্তি অনুসৰি এমভি মেৰিন ৬৬ জাহাজখনে এই ওডিচি কাৰ্গ' পৰিবহণ কৰি আনিছে ৷
উল্লেখ্য যে, যোৱা 14 জুনত আভ্যন্তৰীণ জল পৰিবহন সঞ্চালকালয় আৰু নুমলীগড় শোধনাগাৰৰ মাজত স্বাক্ষৰিত হোৱা বুজাবুজিৰ চুক্তি অনুসৰি আভ্যন্তৰীণ জল পৰিবহনৰ জাহাজৰ ইন্ধন নুমলীগড় শোধনাগাৰৰ পৰা বছৰেকীয়া হিচাপত ক্ৰয় কৰা হ’ব । ইয়াৰ ফলত কোনো ধৰণৰ দুৰ্নীতি-অনিয়ম হোৱাৰ সুবিধা নাথাকিব ।
লগতে পঢ়ক: দেশৰ ভিতৰতে ব্যতিক্ৰমী ৰূপ পাব গুৱাহাটী ৰে’ল ষ্টেচনে; জালুকবাৰীত নিৰ্মাণ হ’ব নতুন ISBT