thumbnail

By

Published : Oct 24, 2022, 4:59 PM IST

Updated : Feb 3, 2023, 8:29 PM IST

ETV Bharat / Videos

Fire in Jorhat : যোৰহাটৰ সোণালী জয়ন্তী নগৰ গেছ পাইপ লাইনত অগ্নিকাণ্ড

পোহৰ উৎসৱ দীপাৱলী দিনাই যোৰহাটত অঘটন ৷ এইবাৰ যোৰহাটৰ সোণালী জয়ন্তী নগৰৰ গেছ পাইপ লাইনত সংঘটিত হৈছে অগ্নিকাণ্ডৰ ঘটনা (Fire broke out in Jorhat) ৷ কোনো কাৰণবশত গেছ পাইপ লাইনত অগ্নিকাণ্ড সংঘটিত হোৱাৰ ফলত ঘন জনবসতি অঞ্চলটোত সৃষ্টি হয় এক হুলস্থূলীয়া পৰিৱেশৰ ৷ পৰৱৰ্তী সময়ত স্থানীয় লোকৰ তৎপৰতাত খবৰ দিয়া হয় অগ্নিনিৰ্বাপক বাহিনীৰ লোকক ৷ খবৰ পোৱাৰ মাত্ৰেই ঘটনাস্থলীত উপস্থিত হৈ জুই নিয়ন্ত্ৰণৰ চেষ্টা কৰে অগ্নিনিৰ্বাপক বাহিনী দলে ৷ বাতৰি যুগুত কৰা পৰলৈকে অগ্নিনিৰ্বাপক বাহিনী দলে গেছ পাইপ লাইনত লগা জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হোৱা নাই (Fire in Jorhat) ৷ অৱশ্যে যিকোনো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ তৎপৰ হৈ আছে অগ্নিনিৰ্বাপক বাহিনী ৷
Last Updated : Feb 3, 2023, 8:29 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.