Devastating fire in Bihpuria: বিহপুৰীয়াত বিধ্বংসী অগ্নিকাণ্ড - বিহপুৰীয়াত বিধ্বংসী অগ্নিকাণ্ড
🎬 Watch Now: Feature Video
বিহপুৰীয়া,১০ মাৰ্চ: লখিমপুৰ জিলাৰ বিহপুৰীয়াত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা(Fire Broke Out In Bihpuria) । বিহপুৰীয়া আৰক্ষী থানাৰ অধীনৰ আউনীবাৰীৰ দুটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে জাহ যায় উক্ত অগ্নিকাণ্ড(Devastating fire in Bihpuria) । গাঁওখনৰ দুই পিতা-পুত্ৰ পূণ্যসিং মিছং আৰু প্ৰফুল্ল মিছঙৰ বাসগৃহ সম্পূৰ্ণৰূপে জাহ যায় এই অগ্নিকাণ্ডত(House burnt in massive fire break) । ইয়াৰোপৰি পৰিয়ালকেইটাৰ ভঁৰাল গৃহৰ লগতে বহু মূল্যবান নথি-পত্ৰ আৰু কেইবা লক্ষাধিক টকাৰ সা-সম্পত্তি জুইত জাহ যায় ।
মূলত নৈ পাৰ হৈ অগ্নিনিৰ্বাপকৰ বাহন ঘটনাস্থলীত উপস্থিত হ'ব নোৱাৰাৰ বাবেই অধিক ভয়াবহ হৈ পৰে এই অগ্নিকাণ্ডটো । ফেৰীৰে সোৱণশিৰি নৈ পাৰ হৈহে গাঁওখনলৈ যাতায়ত কৰা সম্ভৱ ৷ কিন্তু ফেৰীৰে অগ্নিনিৰ্বাপক বাহিনীৰ বাহন কঢ়িয়াই নিয়াটো সম্ভৱ নোহোৱাৰ বাবেই অগ্নিকাণ্ডত বিস্তৰ ক্ষতি হোৱা বুলি উল্লেখ কৰে ভুক্তভোগী লোকসকলে ।
লগতে পঢ়ক: Tutor protest in Guwahati: ন্যায্য প্ৰাপ্তিৰ দাবীৰে 8 সহস্ৰাধিক শিক্ষকৰ প্ৰতিবাদত কঁপিল খানাপাৰা