thumbnail

By ETV Bharat Assamese Team

Published : Oct 20, 2023, 3:47 PM IST

ETV Bharat / Videos

Nalbari Fire : নলবাৰীৰ ৩নং চাপ্ৰাপাৰা চৰত বিধ্বংসী অগ্নিকাণ্ড; ১৬ লাখ মূল্যৰ সামগ্ৰী ধ্বংস

নলবাৰী, ২০ অক্টোবৰ : নলবাৰীত বিধ্বংসী অগ্নিকাণ্ড । বৃহস্পতিবাৰে মাজনিশা নলবাৰীৰ বৰক্ষেত্ৰীৰ ৩নং চাপ্ৰাপাৰাত সংঘটিত হয় বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা । এই অগ্নিকাণ্ডৰ ফলত জুইত জাহ যায় পাঁচখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান । বিদ্যুতৰ শ্বৰ্ট চাৰ্কিটৰ ফলতেই এই অগ্নিকাণ্ডৰ সুত্ৰপাত হোৱাৰ সন্দেহ প্ৰকাশ কৰে স্থানীয় লোকে ।

এই অগ্নিকাণ্ডৰ ফলত ফাৰ্মাচী, কাপোৰৰ দোকান, মেচিনৰ পাৰ্টছ, গেলামালৰ দোকান আৰু এখন বীজ ভাণ্ডাৰ ব্যৱসায়িক প্ৰতিষ্ঠান অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে ভস্মীভূত হয় । আনহাতে, এই অগ্নিকাণ্ডৰ পিছতে অঞ্চলটোত এক হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হয় ।

অৱশ্যে স্থানীয় ৰাইজৰ সহযোগত জুই নিৰ্বাপণ কৰে যদিও বিধ্বংসী অগ্নিকাণ্ডৰ ফলত পাঁচখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ প্ৰায় ১৬ লাখ টকা মূল্যৰ সা-সামগ্ৰীৰ ক্ষতিসাধন হোৱা বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক :Fake currency : সাৱধান! দুৰ্গা পূজাৰ বজাৰত জালনোটৰ বেহা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.