thumbnail

By ETV Bharat Assamese Team

Published : Oct 7, 2023, 10:33 AM IST

ETV Bharat / Videos

Fire Incident in Lakhimpur:লখিমপুৰত ভয়ংকৰ অগ্নিকাণ্ড

লখিমপুৰ, ৭ অক্টোবৰ : লখিমপুৰ নগৰৰ মাজ মজিয়াত নিশা সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড । বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত সংঘটিত হোৱা এই অগ্নিকাণ্ডত প্ৰায় দহ লাখ টকাৰ সামগ্ৰী জাহ যায় । নিশা লখিমপুৰ নগৰত সংঘটিত এই অগ্নিকাণ্ডই সুখনিদ্ৰা হৰণ কৰে নগৰবাসীৰ । লখিমপুৰ নগৰৰ সোঁ মাজৰ লখিমী চাৰিআলিৰ কাষত অগ্নিকাণ্ডটো সংঘটিত হয় ।

বালাজী ষ্টোৰ নামৰ চিপচ, চকলেট আদি সামগ্ৰীৰ দোকানখনত অগ্নিকাণ্ডটো সংঘটিত হয় । ওম প্ৰকাশ চন্দক নামৰ দোকানখনৰ গৰাকীয়ে নিশা দোকান বন্ধ কৰি যোৱাৰ পাচত বন্ধ দোকানখনৰ পৰা ধোৱা ওলোৱা প্ৰত্যক্ষ কৰে সমীপৰ লোকে । লগে লগে প্ৰত্যক্ষদৰ্শীয়ে সদৰ থানা আৰু অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়ে । নগৰৰ হৃদপিণ্ড স্বৰূপ স্থানত সংঘটিত হোৱা এই অগ্নিকাণ্ডৰ ভয়াৱহতাৰ উমান পাই তাৎক্ষণিকভাৱে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনী ।

অগ্নি নিৰ্বাপক বাহিনীৰ তিনিখন গাড়ীয়ে যুঁজি এঘন্টামানৰ ভিতৰতে জুই নুমুৱাবলৈ সক্ষম হয় । কিন্তু তেতিয়ালৈ দোকানখনৰ প্ৰায় সকলো সা-সামগ্ৰীৰ সৰহ ভাগ জ্বলি ছাই হৈ পৰিছিল আৰু বাকীখিনি গলি বিনষ্ট হৈ পৰিছিল । এনেদৰে প্ৰায় দহ লাখ মান টকাৰ সামগ্ৰী অগ্নিকাণ্ডটোত নিঃশেষ হৈ পৰে । বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ডটো সংঘটিত হোৱা বুলি ধাৰণা কৰা হৈছে । উল্লেখ্য যে, তাৎক্ষণিকভাৱে অগ্নি নিৰ্বাপক বাহিনী আহি অগ্নিকাণ্ডটো নিয়ন্ত্রণ নকৰা হ’লে লখিমপুৰ নগৰ এক অগ্নিকুণ্ড লৈ পৰিণত হ’বলৈ সৰহ সময়ৰ প্ৰয়োজন নহ’লহেতেন । ৰাইজে যোৱা নিশা ঘটনাৰ ক্ষেত্রত অগ্নি নিৰ্বাপক বাহিনীৰ এনে ক্ষীপ্ৰ পদক্ষেপক শলাগ জনাইছে ।

লগতে পঢ়ক : Fire incident at Dergaon : নাহৰনিত ভয়ংকৰ অগ্নিকাণ্ডত অগ্নিদগ্ধ হৈ মৃত্যু 60 উৰ্দ্ধৰ বৃদ্ধাৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.