Fire in Lakhimpur: লখিমপুৰৰ হাৰমতীত বিধ্বংসী অগ্নিকাণ্ড - Massive fire breaks out in Lakhimpur Harmati
🎬 Watch Now: Feature Video

লখিমপুৰ জিলাৰ হাৰমতী আৰক্ষী চকীৰ অধীনৰ মেৰবিল বৰদলনী গাঁৱত বুধবাৰে সন্ধিয়া অজ্ঞাত কাৰণত দাউ দাউকৈ জ্বলি ক্ষন্তেকতে চাই হৈ গ'ল শিক্ষয়ত্ৰী কৃষ্ণা চুতীয়াৰ বাসগৃহ(Massive fire breaks out in Lakhimpur Harmati) । অগ্নিকাণ্ডত কথমপি জীৱন ৰক্ষা পৰে কৃষ্ণা চুতীয়াসহ দুই কনমাণিৰ । সন্ধিয়া গোঁসাই ঘৰত সেৱা-প্ৰাৰ্থনা কৰাৰ সময়তে ভিতৰৰ কোঠাৰ পৰা জুই লাগে । জুইৰ প্ৰকোপ ইমানেই বেছি আছিল যে ঘৰৰ পৰা এপদো বস্তু উলিয়াবলৈ সক্ষম নহ'ল পৰিয়ালটিৰ লোক(House burnt in Fire incident) । সেই সময়ত কেৱল ঘৰত দুই বোৱাৰী আৰু দুই কনমানি নাতিৰ সৈতে কৃষ্ণা চুতীয়া ঘৰৰ ভিতৰত আছিল বুলি জানিব পৰা গৈছে ৷ স্থানীয় শতাধিক ৰাইজ উপস্থিত হৈ জুই নিৰ্বাপন কৰাৰ প্ৰায় এঘণ্টাৰ পিছতহে বিহপুৰীয়া অগ্নিনিৰ্বাপক বাহিনীৰ বাহন ঘটনাস্থলীত উপস্থিত হয় ।
Last Updated : Feb 3, 2023, 8:34 PM IST