thumbnail

By ETV Bharat Assamese Team

Published : Dec 1, 2023, 5:32 PM IST

ETV Bharat / Videos

লখিমপুৰৰ জহিঙত অগ্নিকাণ্ডৰ ঘটনা, দুৰ্বৃত্তই অগ্নিসংযোগ কৰাৰ সন্দেহ

লখিমপুৰ, 1 ডিচেম্বৰ : শুকুৰবাৰে পুৱতি নিশা লখিমপুৰৰ জহিং এলেকাত এক অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় ৷ এই অগ্নিকাণ্ডত এটা পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণ জ্বলি ছাই হৈ পৰে ৷ লখিমপুৰৰ জহিং আমগুৰি পথাৰ গাৱঁত এই ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় ৷  

পুৱতি নিশা প্ৰায় তিনি মান বজাত মতিয়াছ সুৰিন নামৰ ব্যক্তি জনৰ ঘৰত সংঘটিত হয় এই ঘটনা ৷ দুৰ্বৃত্তই অগ্নিসংযোগ কৰাৰ ফলত এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে ৷ এই অগ্নিকাণ্ডত সম্পূৰ্ণ ৰূপে জ্বলি ভস্মীভূত হয় বাসগৃহটো ৷ কেইবা কুন্টল ধানৰ লগতে বাসগৃহত থকা কেইবালাখ টকাৰ সামগ্ৰী জ্বলি ছাই হয় এই অগ্নিকাণ্ডত ৷

স্থানীয় ৰাইজে জুই নুমুৱাবলৈ সক্ষম হয় যদিও বাসগৃহটো জ্বলি ছাই হয় ৷ অগ্নিকাণ্ডৰ ঘটনাকলৈ অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ৷ ঘটনা সন্দৰ্ভত সময়মতে খবৰ দিয়াৰ পাছতো গাঁও প্ৰধানজন ঘটনাস্থলীত উপস্থিত নোহোৱাৰ অভিযোগ কৰে গাঁওবাসীয়ে ৷ আৰক্ষীয়ে ইতিমধ্যে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ৷ 

লগতে পঢ়ক : লিডুৰ কয়লা মাফিয়াৰ বাসগৃহত আয়কৰ বিভাগৰ অভিযান

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.