নিমিষতে ছাই হৈ গ’ল মৰমৰ ঘৰখন, জুইত জাহ গ’ল ৬ পৰা ৭ লাখ টকাৰ সম্পত্তি

By ETV Bharat Assamese Team

Published : Dec 5, 2023, 5:08 PM IST

Updated : Dec 5, 2023, 5:41 PM IST

thumbnail

মৰিগাঁও, 5 ডিচেম্বৰ : মৰিগাঁও জিলাৰ তেলাহী নাৰমাৰিত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে ৷  নিমিষতে চকুৰ সন্মুখতেই চাই হৈ গ’ল আপোন ঘৰখন । জুইত জাহ গ’ল ৬ পৰা ৭ লাখ টকাৰ সম্পত্তি । জানিব পৰা মতে, নাৰমাৰিৰ তাহিৰ হুছেইন নামৰ লোকজনৰ ঘৰত সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা । বৈদ্যুতিক বিসংগতিৰ বাবে এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰিছে স্থানীয় লোকে ।

এই ঘটনাৰ পিচতে স্থানীয় লোকে অগ্নিনিৰ্বাপক বাহিনীক ঘটনাৰ সন্দৰ্ভত খবৰ দিয়ে ৷ খবৰ লাভ কৰাৰ পিচতে মৰিগাঁও অগ্নিনিৰ্বাপক বাহিনীয়ে ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপন কৰে ৷ অৱশ্যে তেতিয়ালৈ লোকজনৰ বাসগৃহৰ লগতে সকলো সা-সম্পত্তি জুইত ভস্মীভূত হয়। এই ঘটনাৰ পিচতে পৰিয়ালটোত শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে ৷

লগতে পঢ়ক: গোলাঘাটৰ ঢেকীয়ালত বিদ্যালয়ত চোৰৰ চাফাই অভিযান

Last Updated : Dec 5, 2023, 5:41 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.