thumbnail

By ETV Bharat Assamese Team

Published : Oct 24, 2023, 2:08 PM IST

ETV Bharat / Videos

Fire incident in Bihpuria: বিহপুৰীয়াত ভয়ংকৰ অগ্নিকাণ্ডত ছাই হ’ল নগদ ধনকে ধৰি দুখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান

বিহপুৰীয়া, 24 অক্টোবৰ: বিহপুৰীয়াত বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা । বিজয়া দশমীৰ আনন্দ-উল্লাসৰ মাজতে সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাটো । চকুৰ পলকতে জ্বলি ছাই হৈ পৰে কনক সৰকাৰ আৰু বাবন সৰকাৰৰ দুখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান ।

জানিব পৰা মতে, দোকানৰ ভিতৰত জ্বলোৱা এগছি চাকিৰ পৰাই সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত । ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নুমোৱাৰ চেষ্টা চলাই যদিও তেতিয়ালৈ দুয়োখন ব্যৱসায়িক প্ৰতিষ্ঠান সম্পূৰ্ণৰূপে জ্বলি শেষ হয় বুলি জানিব পৰা গৈছে । বিহপুৰীয়াৰ 3 নং ৱাৰ্ডত সংঘটিত হোৱা এই অগ্নিকাণ্ডৰ জুই সম্প্ৰসাৰিত হোৱাৰ পৰা কথমপি ৰক্ষা পৰে কাষতে থকা এটা পেট্ৰ’ল ডিপো ।

এই অগ্নিকাণ্ডৰ ফলত কনক সৰকাৰ আৰু বাবন সৰকাৰৰ সা-সম্পত্তিৰ লগতে বৃহৎ পৰিমাণৰ নগদ ধন জ্বলি যায় বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক: Moran news : আৰক্ষী বিষয়াৰ বাহনৰ খুন্দাত নিহত কিশোৰী, এজাহাৰ দাখিল ভুক্তভোগী পৰিয়ালৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.