Fire break out : মৰাপাট ভৰ্তি বাহনত বিধ্বংসী অগ্নিকাণ্ড - ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Oct 20, 2023, 7:55 AM IST

জনীয়া, 20 অক্টোবৰ : বৃহস্পতিবাৰে বৰপেটা জিলাৰ জনীয়া সত্ৰৰ সম্মুখতে হঠাৎ দাউ দাউকৈ জ্বলি উঠিল এখন মৰাপাট ভৰ্তি ট্ৰাক । ট্ৰাকখনত বিদ্যুতৰ তাঁৰৰ পৰা অগ্নিসংযোগ হোৱা বুলি সন্দেহ কৰিছে স্থানীয় ৰাইজে ৷ ট্ৰাকখনৰ ন্মবৰ হৈছে AS15 AC6844 ৷ জানিব পৰৈ মতে, পশ্চিমবংগৰ পৰা হাউলীলৈ গৈ আছিল AS15 AC6844 নম্বৰৰ এই মৰাপাট ভৰ্তি বাহনখন ।

স্থানীয় ৰাইজে এই ঘটনা প্ৰত্যক্ষ কৰি অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়ে ৷ ঘটনাৰ খবৰ পোৱা লগে লগে অগ্নিনিৰ্বাপন বাহিনী ঘটনাস্থলীত উপস্থিত হৈ জুই নুমাবলৈ সক্ষম হয়, যদিও বাহনখনত থকা মৰাপাটৰখিনিৰ যথেষ্ট ক্ষতিসাধন হয় ৷ বিদ্যুতৰ তাঁৰৰ পৰা অগ্নিসংযোগ হৈ এই ঘটনা সংঘটিত হৈছে বুলি স্থানীয় লোকে সন্দেহ প্ৰকাশ কৰে ৷

লক্ষণীয় বিষয় যে, উক্ত ৰাজ্যিক ঘাইপথেৰে প্ৰশাসনে গধুৰ যান-বাহন চলাচল বন্ধ কৰি দিছে ৷ কিন্তু কৰাৰকুৰস্থিত বেঁকী দলঙৰ দুয়ো কাষে থকা চেক পোষ্টত 200 টকাৰ বিনিময়ত পাৰ হৈ আহিব পাৰে এনেদৰে একাংশ মালবাহী বাহন ৷ এই অভিযোগ স্থানীয় ৰাইজৰ ৷ এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে।

লগতে পঢ়ক: Nagaon theft incident : কাতি বিহুৰ উলহ-মালহৰ মাজতে নগাঁৱৰ মাহৰুলত ঘৰত চোৰৰ চাফাই অভিযান

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.