Fire at Kaliabor : পূজাৰ আনন্দ উৎসৱৰ মাজতে কলিয়াবৰত বিধ্বংসী অগ্নিকাণ্ড

By ETV Bharat Assamese Team

Published : Oct 23, 2023, 2:08 PM IST

thumbnail

কলিয়াবৰ, ২৩ অক্টোবৰ : দুৰ্গা পূজাৰ আনন্দ উৎসৱৰ মাজতে কলিয়াবৰত দেওবাৰে নিশা সংঘটিত হয় এক অগ্নিকাণ্ড । জখলাবন্ধা ৰে’ল ষ্টেচনৰ সমীপৰ ৩৭ নং ৰাষ্ট্ৰীয় পথৰ ৰে’ল গেটৰ দাঁতিত থকা কেইবাখনো দোকানত দেওবাৰে নিশা হঠাৎ জুই লাগে । নিশা প্ৰায় ১১:৩০ বজাত দোকানকেইখনত জুই লগাৰ ফলত এক হাহাকাৰময় পৰিস্থিতিৰ উদ্ভৱ হয় ।

তাৰ পাচতে খবৰ দিয়া হয় আৰক্ষীৰ লগতে অগ্নি নিৰ্বাপক বাহিনীৰ লোকক ৷ উক্ত ঘটনাৰ খবৰ লাভ কৰি ঘটনাস্থলীত উপস্থিত হয় অগ্নি নিৰ্বাপক বাহিনীৰ লোক ৷ পৰৱৰ্তী সময়ত স্থানীয় লোক আৰু অগ্নি নিৰ্বাপন বাহিনীৰ চেষ্টাত জুই নিৰ্বাপন হয় যদিও দোকানকেইখনৰ সমুদায় সামগ্ৰী জ্বলি ভষ্মীভূত হয় ।

ইতিমধ্যে লক্ষাধিক টকাৰ সা-সামগ্ৰী ভষ্মীভূত হয় বুলি অনুমান কৰা হৈছে । কেনেকৈ এই জুইৰ সূত্ৰপাত হ’ল, সেয়া এতিয়াও জানিব পৰা হোৱা নাই ।

লগতে পঢ়ক : Ajanta Neog visits Billbeshwar Devaloy : বিল্বেশ্বৰ দেৱালয়ত নৱমী পূজাৰ আশীষ ল’লে মন্ত্ৰী অজন্তা নেওগে

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.