কাছাৰত পুনৰ মৰণাতেই জ্বলিল অট’সহ ধান - কাছাৰত ভয়ংকৰ অগ্নিকাণ্ড
🎬 Watch Now: Feature Video


Published : Dec 29, 2023, 3:29 PM IST
কাছাৰ, ২৯ডিচেম্বৰ: কাছাৰ জিলাৰ বৰখলা পথাপিপাৰাত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড । কাণ্ড জ্ঞানহীনতাৰ বাবেই কাছাৰত জ্বলি চাই হ'ল কেইবা বিঘা মাটিৰ ধান । যাত্ৰীবাহী অট’ৰে মৰণা মৰাৰ সময়ত সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাটো । মূহুৰ্ততে ভস্মীভূত হয় মৰণা মৰি থকা ধানসহ অট’খন ।
জানিব পৰা মতে, স্থানীয় নিজাম উদ্দিন নামৰ এজন কৃষকে তেওঁৰ ধান মৰণা মাৰিবলৈ এখন যাত্ৰীবাহী অট’ আনিছিল । অট’খনে মৰণা মাৰি থকাৰ সময়ত হঠাৎ মৰণাত জুইৰ সূত্ৰপাত ঘটে । ফলত মুহূৰ্ততে জুইৰ লেলিহান শিখাই চানি ধৰে মৰণা ।
স্থানীয় লোকে জুই নিয়ন্ত্ৰণৰ চেষ্টা চলায় যদিও নিমিষতে ভস্মীভূত হয় খেৰসহ দুই বিঘা মাটিৰ ধান । পিচত ঘটনাস্থলীত আৰক্ষীসহ অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হয় যদিও ইয়াৰ পূৰ্বেই জুইত জাহ যায় নিজাম উদ্দিন নামৰ কৃষকজনৰ কষ্টোপাৰ্জিত ফচল ।
অট’খনৰ যান্ত্ৰিক বিজুতিৰ বাবেই মৰণাত জুইৰ সূত্ৰপাত ঘটে । উল্লেখ্য় যে, কিছুদিন পূৰ্বে কাছাৰৰ কাটিগড়া চেউতিত অনুৰূপ ঘটনা সংঘটিত হৈছিল বুলি জানিব পৰা গৈছে ।
লগতে পঢ়ক:অটোৰে মৰণা মৰাই কাল হ'ল কৃষকৰ