Fire in Charaideo: জুইত জাহ গ'ল কেইবাখনো বিপণী - ডোমৰদলঙত পুৱতি নিশা সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড

🎬 Watch Now: Feature Video

thumbnail

By

Published : Nov 13, 2022, 10:30 AM IST

Updated : Feb 3, 2023, 8:32 PM IST

চৰাইদেউ জিলাৰ মৰাণহাট আৰক্ষী থানাৰ অন্তৰ্গত ডোমৰদলঙত পুৱতি নিশা সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড (Massive fire at Moranhat)। অগ্নিকাণ্ডৰ ফলত কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান সম্পূৰ্ণৰূপে ভস্মীভূত হয় । জানিব পৰা মতে ডোমৰদলঙৰ প্ৰশান্ত চুতীয়া নামৰ ব্যক্তিজনৰ বিপণী কেইখনত সংঘটিত হয় এই অগ্নিকাণ্ড । একেলগে থকা গেলামালৰ দোকান, চাইকেল মেৰামতি কৰা দোকান আৰু এটা মিল জুইত সম্পূৰ্ণৰূপে জাহ যায় (Many properties damaged due to fire)। বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলতে এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰিছে ৰাইজে । অগ্নিকাণ্ডৰ ফলত ব্যক্তিজনৰ কেইবা লাখ টকাৰ সম্পত্তি নষ্ট হোৱাৰ অনুমান কৰা হৈছে ।
Last Updated : Feb 3, 2023, 8:32 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.