চৰাইদেউৰ বৰহাটত বিধ্বংসী অগ্নিকাণ্ড - Fire at Barhat in Charaideo
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-16404895-300-16404895-1663488678933.jpg)
চৰাইদেউ জিলাৰ বৰহাট আৰক্ষী থানা অন্তৰ্গত মিছাজান(Fire at Barhat in Charaideo)গাঁৱৰ ফুনু মুড়া নামৰ লোকজনৰ বাসগৃহত দেওবাৰে নিশা এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হ য় । পিছত ঘটনাস্থলীত বৰহাট আৰক্ষী (Barhat police station)উপস্থিত হয় । অগ্নি নিৰ্বাপক বাহিনীয়েও কিছু সময় পিছত উপস্থিত হয় যদিও ইতিমধ্যেই ঘৰটো জুইৰ লেলিহান শিখাই আগুৰি ধৰাত দাওদাওকৈ জ্বলি মুহূৰ্ততে নিঃশেষ হয় । অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপিত কৰাত ওচৰৰ কেইবাটাও গৃহ ভস্মীভূত হোৱাৰ পৰা ৰক্ষা পৰে । বিদ্যুৎৰ চৰ্ট চাৰ্কিটৰ ফলতেই অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে বুলি ফুনু মুড়াই কয় । উক্ত অগ্নিকাণ্ডত ধান-চাউল, কাহঁৰ বাচন-বৰ্তন আদি জুইত জাহ যায় ।
Last Updated : Feb 3, 2023, 8:28 PM IST