FIR lodged: কংগ্ৰেছৰ বিধায়ক আফতামুদ্দিন মোল্লাৰ বিৰুদ্ধে এজাহাৰ দাখিল - MLA Aftamuddin Mulla controversial comment

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Nov 7, 2023, 10:57 PM IST

গুৱাহাটী,৭ নৱেম্বৰ: কংগ্ৰেছৰ বিধায়ক আফতামুদ্দিন মোল্লাৰ বিতৰ্কিত মন্তব্যৰ বিৰুদ্ধে পূৱ উপ-আৰক্ষীৰ আযুক্তৰ কাৰ্যালয়ত এজাহাৰ দাখিল । এজাহাৰ দাখিল কৰিলে ভেটাপাৰাৰ নিবাসী দীপক কুমাৰ দাসে । এজাহাৰ দাখিল কৰি দীপক কুমাৰ দাসে কয় যে বিধায়ক গৰাকীৰ এনে মন্তব্যই সনাতনী হিন্দু ধৰ্মক অপমান কৰিছে । পূজাৰী তথা নামঘৰীয়া সকলক ধৰ্ষণকাৰী বুলি অভিহিত কৰা কথা বিৰোধিতা কৰি তেওঁ সাধাৰণ লোক হিচাপে এজাহাৰ দাখিল কৰিবলৈ বাধ্য হয় ।  

বিধায়কগৰাকীৰ এনে মন্তব্যই হিন্দু আৰু মুছলিমৰ মাজত বিভেদ সৃষ্টি কৰিছে । ৰাজনৈতিক আৰু ব্যক্তিগত মুনাফা আদায়ৰ বাবে এনেবোৰ কথা কৈ আছে । সেয়েহে তেওঁ এগৰাকী সাধাৰণ নাগৰিক হিচাপে এজাহাৰ দাখিল কৰে । আৰক্ষী প্ৰশাসনে আইনৰ জৰিয়তে ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে আহ্বান জনাই সচেতন নাগৰিকগৰাকীয়ে । আইনৰ ওপৰত তেওঁৰ বিশ্বাস আছে বুলি উল্লেখ কৰি তেওঁ কয় যে এই ক্ষেত্ৰত নিশ্চয় ব্যৱস্থা গ্ৰহণ কৰিব ।  

লগতে তেওঁ উল্লেখ কৰে যে এনেধৰণৰ মন্তব্যক লৈ সনাতন ধৰ্মৰ মানুহ হিচাপে তেওঁ ক্ষান্ত হৈ নাথাকে । বিধায়কগৰাকীক গ্ৰেপ্তাৰ কৰিবই লাগিব বুলিও এজাহাৰকাৰী দীপক কুমাৰ দাসে দাবী উত্থাপন কৰে সংবাদ মাধ্যমৰ ওচৰত । উল্লেখযোগ্য যে দুদিন পূৰ্বে কংগ্ৰেছ বিধায়ক আফতামুদ্দিন মোল্লাই এখন জনসভাত পূজাৰী-নামঘৰীয়াসকলৰ বিৰুদ্ধে বিৰূপ মন্তব্য প্ৰদান কৰিছিল । তাৰ পিছতে সমগ্ৰ অসমতে সৃষ্টি হৈছিল ব্যাপক প্ৰতিক্ৰিয়াৰ ।

লগতে পঢ়ক: Sankardev Sangha controversy: হৰি মন্দিৰত নৈবদ্য আগবঢ়োৱাৰ বাবেই সংঘৰ পৰা বহিস্কাৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.