মংগলকামী বাজেট দাখিল কৰিব চৰকাৰে: বিত্তমন্ত্ৰী অজন্তা নেওঁগ

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Jan 15, 2024, 2:09 PM IST

Updated : Jan 15, 2024, 2:23 PM IST

গোলাঘাট, 15 জানুৱাৰী: ৰাজ্য চৰকাৰৰ বাজেটত এইবাৰ সকলো শ্ৰেণীৰ লোকক সামৰি লোৱা হ’ব ৷ শিশুৰ পৰা বৃদ্ধলৈ সামৰি এখন মঙ্গলকামী বাজেট এইবাৰ দাখিল কৰিব বিত্তমন্ত্ৰী অজন্তা নেওঁগে ৷ সোমবাৰে গোলাঘাটৰ নৰাগাঁওস্থিত বাসগৃহত এক সংবাদমেল আয়োজন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে যোৱা তিনিখন বাজেট সকলো শ্ৰেণীৰ লোকক সামৰি লোৱা হৈছিল । 

ৰাজ্যখনৰ কৃষি, স্বাস্থ্য, শিক্ষা, শিশু, মহিলা কল্যাণৰ ওপৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰা হ’ব এইবাৰ বাজেটত । ইয়াৰ উপৰিও মেৰাপানীত 35 কোটি টকাৰে এখন মডেল কলেজ নিৰ্মাণৰ বাবে মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে অনুমোদন জনাইছে আৰু নিবিদা আহ্বান কৰা হৈছে ৷ লগতে বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে, মেৰাপানী অঞ্চল হৈছে এক কৃষি প্ৰধান অঞ্চল । 

যোৱাবাৰ বাজেটত অঞ্চলটোত প্ৰায় 100 কোটি টকাৰ জলসিঞ্চনৰ আঁচনি লাভ কৰিছে । গোলাঘাট জিলাৰ উন্নয়ণমূলক কামসমূহ তীব্ৰ গতিত অব্যাহত আছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে । গোলাঘাটত 14 কোটি টকাৰে এটা নতুন আৱৰ্ত ভৱন নিৰ্মাণ কৰাৰ কথা উল্লেখ কৰে বিত্তমন্ত্ৰী অজন্তা নেওগে ৷ 

আগন্তুক দিনত গোলাঘাট জিলাখনত আন্তঃগাঁথনি নিৰ্মাণত অধিক গুৰুত্ব প্ৰদান কৰিব বুলি কয় মন্ত্ৰীগৰাকীয়ে ।

লগতে পঢ়ক: আজি উৰুকা: সৰুপথাৰৰ মাছৰ বজাৰত গ্ৰাহকৰ ভিৰ

Last Updated : Jan 15, 2024, 2:23 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.