সৰুপথাৰত হিতাধিকাৰীৰ মাজত ৰেচন কাৰ্ড বিতৰণ কৰিলে বিত্তমন্ত্ৰী অজন্তা নেওগে

By ETV Bharat Assamese Team

Published : Jan 16, 2024, 2:30 PM IST

thumbnail

গোলাঘাট, 16 জানুৱাৰী: ঘোলাঘাটৰ সৰুপথাৰত ৰামধেনু মুকলি মঞ্চত অসম চৰকাৰৰ বিত্তমন্ত্ৰী অজন্তা নেওগে মংগলবাৰে উপস্থিত হয় আৰু 8500 নতুন ৰেচন কাৰ্ড বিতৰণ কৰে । সৰুপথাৰ উপ জিলাৰ মুঠ 9 খন GPSS(সমবায় সমিতি) ৰ অন্তৰ্গত 298 খন সুলভ মূল্যৰ দোকানত 26857 জন নতুন হিতাধিকাৰীক ৰেচন কাৰ্ডত নাম অন্তৰ্ভুক্ত কৰা হৈছে আৰু 8500 খন নতুন ৰেচন কাৰ্ড প্ৰদান কৰা হৈছে । 

এই 8500 কাৰ্ডৰ জৰিয়তে 26857 জন হিতাধিকাৰী উপকৃত হ’ব । ইয়াৰ উপৰিও সৰুপথাৰ উপজিলাত ইতিমধ্যে অন্তোদয়া কাৰ্ডৰ অধীনত 6820 খন ৰেচন কাৰ্ডৰ জৰিয়তে 6820 টা পৰিয়ালে 35 কেজি চাউল প্ৰত্যেক মাহে লাভ কৰি আহিছে । লগতে অগ্ৰাধিকাৰ কাৰ্ড (Priority Household card) ৰ অধীনত জনসাধাৰণে প্ৰতি মাহে 5 কিলোগ্ৰামকৈ চাউল লাভ কৰি আহিছে । 

উল্লেখযোগ্য যে অসম চৰকাৰৰ খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ অন্তৰ্গত অসমত 10,73,489 খন নতুন ৰেচন কাৰ্ড বিতৰণ কৰিবলৈ সম্পূৰ্ণ হৈছে । ইয়াৰ জৰিয়তে অসমৰ নতুন 42,85,745 গৰাকী হিতাধিকাৰী উপকৃত হ'ব । উল্লেখযোগ্য যে, এই ৰেচন কাৰ্ড থকা প্ৰত্যেকগৰাকী লোকে আয়ুষ্মান ভাৰত কাৰ্ডৰ জৰিয়তে 5 লাখ টকালৈকে স্বাস্থ্য চিকিৎসাৰ বাবে অনুদান লাভ কৰিব । 

লগতে পঢ়ক: লেতেকুজান চাহ বাগিচাত বন্যহস্তীৰ কৰুণ মৃত্যু

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.