thumbnail

By

Published : Feb 20, 2023, 5:03 PM IST

ETV Bharat / Videos

Debashis Mob Lynching Mariani : যোৰহাটৰ দেৱাশিস হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান ৬ মাৰ্চত

যোৰহাট, ২০ ফেব্ৰুৱাৰী : মৰিয়নিৰ দেৱাশিস হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দানৰ দিন ৬ মাৰ্চ ধাৰ্য কৰাৰ হৈছে (Debashis murder case Mariani) । উল্লেখ্য, এদল দানৱৰূপী মানৱে মৰিয়নিৰ গাভৰুত মৰিয়াই মৰিয়াই হত্যা কৰিছিল দেৱাশিসক (Verdict of Debashia murder case) । মৰিয়নিৰ গাভৰুৰ আঠাইছ হিলৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ গৈছিল দেৱাশিস গগৈ নামৰ যুৱকগৰাকী । তাতেই তেওঁ এদল মানৱৰূপী দানৱৰ জিঘাংসাৰ বলি হৈ প্ৰাণ হেৰুৱাবলগীয়া হৈছিল (Mob lynching of Debashis at Mariani) ।

উক্ত দেৱাশিস গগৈ হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান সোমবাৰে যোৰহাট সত্ৰ ন্যায়াধীশ আদালতে প্ৰদান কৰাৰ কথা আছিল । কিন্তু সোমবাৰে এই ৰায়দানৰ পৰা বিৰত থাকে যোৰহাট সত্ৰ ন্যায়াধীশৰ আদালত । তাৰ পৰিৱৰ্তে ন্যায়ালয়ে এই চূড়ান্ত ৰায়দানৰ বাবে ৬ মাৰ্চ তাৰিখটো নিৰ্ধাৰণ কৰে (Debashis Gogoi mob lynching  case) । উল্লেখ্য, আঢ়ৈ বছৰ ধৰি ন্যায়ৰ বাবে যুঁজ কৰি অহা দুৰ্ভগীয়া দেৱাশিসৰ পিতৃ-মাতৃ তথা পৰিয়ালৰ লোকে উক্ত হত্যাকাণ্ডৰ গোচৰৰ চূড়ান্ত ৰায়দানৰ বাবে অধীৰ আগ্ৰহেৰে আজিৰ দিনটোলৈ অপেক্ষা কৰি আছিল । কিন্তু আদালৰ সিদ্ধান্তত গণপ্ৰহাৰৰ বলি হোৱা দেৱাশিস হত্যাকাণ্ডৰ ন্যায়ৰ চূড়ান্ত ৰায়দানৰ বাবে এতিয়া আৰু কিছুদিন অপেক্ষা কৰিব লাগিব ।

উল্লেখ্য যে, মৰিয়নিৰ গাভৰু চাহ বাগিচাৰ সন্মুখত ২০২০ চনৰ ২৯ মে'ৰ আবেলি এটা সামান্য দুৰ্ঘটনাক কেন্দ্ৰ কৰি এদল মানৱৰূপী দানৱে ২২ বছৰীয়া উদীয়মান যুৱক দেৱাশিস গগৈ আৰু বন্ধু আদিত্য দাসক নিৰ্মমভাৱে প্ৰহাৰ কৰিছিল । পিচত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা দেৱাশিসক চিকিৎসালয়লৈ নিয়াৰ পথতে কৰুণভাৱে মৃত্যুক আঁকোৱালি ল'বলগা হৈছিল । ইফালে দেৱাশিসৰ হত্যাকাণ্ডৰ লগত জড়িত ১৮ জন অভিযুক্ত বৰ্তমান কাৰাবন্দী হৈ আছে ।

সোমবাৰে এই হত্যাকাণ্ডৰ যোৰহাট জিলা সত্ৰ ন্যায়াধীশে চূড়ান্ত ৰায়দান প্ৰদানৰ কথা আছিল যদিও বিভিন্ন কাৰণত এই ৰায়দান স্থগিত ৰাখি ৬ মাৰ্চত চূড়ান্ত ৰায়দানৰ কথা ঘোষণা কৰে ন্যায়ালয়ে । আনহাতে, জিলা সত্ৰ ন্যায়াধীশ আদালতৰ ওপৰত আস্থা ৰাখি দোষীয়ে মৃত্যুদণ্ডৰ দৰে শাস্তি লাভ কৰাৰ আশা পুহি ৰাখিছে দেৱাশিসৰ পৰিয়াল তথা মাতৃয়ে । উল্লেখ্য যে, পুত্ৰৰ ন্যায়ৰ বাবে দীৰ্ঘ সময় ধৰি পৰিয়ালৰ লোকে ন্যায় যুঁজত অৱতীৰ্ণ হৈ আছে । পুত্ৰৰ ন্যায়ৰ বাবে এতিয়াও চকুলো টুকি অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে দুৰ্ভগীয়া পৰিয়ালটোৱে ।

লগতে পঢ়ক :Narengi murder case : বন্দনাই কেনেকৈ স্বামী আৰু শাহুৱেকক হত্যা কৰিছিল ?

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.