Guinness book of world record: বিশ্ব অভিলেখ গঢ়িবলৈ সাজু শিৱসাগৰৰ বিহুৱা বিহুৱতী

🎬 Watch Now: Feature Video

thumbnail

শিৱসাগৰ, ৯ এপ্রিল: অহা ১৪ এপ্ৰিলত গুৱাহাটীৰ সৰুসজাইত ১১ হাজাৰৰো অধিক বিহুৱা-বিহুৱতীয়ে বিহু প্ৰদৰ্শন কৰিব । গিনিজ বুক অৱ বৰ্ল্ড ৰেকৰ্ডছত অসমৰ বিহু নৃত্যক স্থান দিয়াৰ বাবে ৰাজ্য় চৰকাৰে বিশেষ পদক্ষেপ হাতত লৈছে (Bihu Guinness book of world record)। প্ৰতিখন জিলাতে বিহুৱা-বিহুৱতীসকল চূড়ান্ত  আখৰাত ব্যস্ত হৈ পৰিছে । বিহুৰ এই চূড়ান্ত আখৰা নিৰীক্ষণৰ বাবে  শিৱসাগৰ মহাবিদ্যালয় ষ্টেডিয়ামত উপস্থিত হয়  কৃষি মন্ত্ৰী অতুল বৰা, সাংসদ তপন গগৈৰ লগতে নাজিৰা বিধানসভা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়া ।

বিশ্ব অভিলেখৰ বাবে অন্তিম আখৰা শিৱসাগৰত । শিৱসাগৰ মহাবিদ্যালয় খেলপথাৰত শিৱসাগৰ জিলাৰ চাৰি সমষ্টিৰ ৮০০ বিহুৱা -নাচনীৰ অংশগ্ৰহণ কৰা অন্তিম আখৰাত উপস্থিত হৈ এক সুন্দৰ পৰিবেশৰ উপভোগ কৰে ৰাইজে (Final Bihu Dance preparation)। শিৱসাগৰ জিলাৰ চাৰিটা সমষ্টিৰ ৮০০ ঢুলীয়া আৰু নাচনীয়ে ১৪ এপ্ৰিলত সৰুসজাই ষ্টেডিয়ামত বিশ্ব অভিলেখৰ বাবে ৰাজ্যখনৰ আন আন জিলাৰ ঢুলীয়া নাচনীসকলৰ সৈতে যোগদান কৰিব । অন্তিম প্ৰস্তুতিত যথেষ্ট সংখ্যক ৰাইজৰ উপৰিও জিলা প্ৰশাসনৰ বিষয়াসকল উপস্থিত থাকে । শিৱসাগৰত ঢোল বজাই বিহু নাম জুৰিলে কৃষিমন্ত্ৰী অতুল বৰাসহ সাংসদ তপন গগৈয়ে (Assam govt Bihu world record show)।

ইপিনে,বিধায়ক দেৱব্ৰত শইকীয়াই বিহুক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ বাবে চৰকাৰে লোৱা পদক্ষেপক আদৰণি জনাই যদিও ৰাজকোষ দুৰ্বল হোৱাৰ সময়ত ইমান ধন ব্যয় কৰাটো গ্ৰহণযোগ্য নহয় বুলি মন্তব্য় কৰে (Minister Atul Bora) । চৰকাৰে এনেবোৰ কামত অধিক ধন ব্যয় কৰাৰ বাবেই ৰাইজৰ ওপৰত কৰৰ বোজা জাপি দিছে । চৰকাৰে বিহুৰ নামত ১০০ কোটি খৰচ কৰাতকৈ ৰাজ্যৰ উন্নয়নত এই টকা খৰচ কৰিব লাগিছিল বুলি তেওঁ মন্তব্য কৰে । 

লগতে পঢ়ক:World Records through Bihu : বিশ্ব অভিলেখ গঢ়িবলৈ সাজু ৰাজ্যৰ বিহুৱা-বিহুৱতীসকল

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.