Free English medium school : নাৰেংগীত দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ ছাত্ৰীৰ বাবে মুকলি এইচ. এল. পোদ্দাৰ পাব্লিক স্কুল - Free English medium school in Guwahati

🎬 Watch Now: Feature Video

thumbnail

By

Published : May 1, 2023, 10:40 AM IST

গুৱাহাটী, 30 এপ্ৰিল: অৰ্থৰ অভাৱৰ বাবে যদি কোনো অভিভাৱকে নিজ সন্তানক ইংৰাজী মাধ্যমৰ বিদ্যালয়ত নামভৰ্তি কৰিবলৈ অসমৰ্থ, তেন্তে তেওঁলোকৰ বাবে এটা ভাল খবৰ ৷ গুৱাহাটীৰ নাৰেংগীত মুকলি হৈছে আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীৰ বাবে এখন ইংৰাজী মাধ্যমৰ বিদ্যালয় (English medium school For Poor Families Students) ৷  

ফৰেষ্টগেট , যুৱ নগৰ মেগজিনৰ সমীপত দেওবাৰে মুকলি কৰা হয় এইচ. এল. পোদ্দাৰ পাব্লিক স্কুল নামৰ এখন ইংৰাজী মাধ্যমৰ বিদ্যালয় ৷ নাৰেঙ্গী অঞ্চলৰ বিশিষ্ট ব্যৱসায়ী তথা সমাজকৰ্মী অজয় পোদ্দাৰ আৰু সহধৰ্মীনি কাঞ্চন পোদ্দাৰে পিতৃ হীৰালাল পোদ্দাৰৰ স্মৃতিত স্থাপন কৰা বিদ্যালয়খন আনুষ্ঠানিকভাৱে মুকলি কৰে ৫২ নং ৱাৰ্ডৰ পাৰিষদ তথা গুৱাহাটী পৌৰ নিগমৰ লোক নিৰ্মাণ বিভাগৰ অধ্যক্ষ গোকুল গোস্বামীয়ে (School For Poor Families Students at Narengi) ৷

বৰ্তমান নাৰ্চাৰীৰ পৰা তৃতীয় শ্ৰেণীলৈ পাঠদান চলিব লগা বিদ্যালয়খনত পৰৱৰ্তী সময়ত দশম শ্ৰেণীলৈকে বিনামূলীয়াকৈ ইউনিফৰ্ম,পাঠ্য পুথিৰ লগতে পাঠদানৰ ব্যৱস্থা কৰা হ’ব বুলি জানিবলৈ দিয়ে ব্যৱসায়ী অজয় পোদ্দাৰে (Free English medium school in Guwahati) ৷ এই বিদ্যালয়খন মুকলি অনুষ্ঠানত ৫৭ নং বাৰ্ডৰ পাৰিষদ কবিতা শৰ্মা, নাৰেঙ্গী উন্নয়ন সমিতিৰ সম্পাদক কমল বৰা, চিকিৎসক ডাঃ প্ৰফুল্ল বসুমতাৰী, চন্দ্ৰপুৰ মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষকে ধৰি ভালেসংখ্যক লোক উপস্থিত থাকে (Free English medium school) ৷

লগতে পঢ়ক: Tree cutting in Guwahati : উন্নয়নৰ নামত গুৱাহাটীত চলিছে গছ কটাৰ অঘোষিত প্ৰতিযোগিতা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.