Road accident in Nalbari: নলবাৰীৰ বৰুৱাপুটাত ভয়ংকৰ পথ দুৰ্ঘটনা - Two woman death in road accident
🎬 Watch Now: Feature Video


Published : Sep 15, 2023, 4:30 PM IST
নলবাৰী,১৫ ছেপ্টেম্বৰ: পুৱাই নলবাৰীৰ বৰুৱাপুটাত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা । ৰৈ থকা যাত্ৰীবাহী টেম্পোত প্ৰচণ্ড জোৰত খুন্দা বলেৰ' পিকআপ ভেনৰ । হাজো-দৌলাশাল পথত ৰৈ থকা যাত্ৰীবাহী টেম্পোখনত এখন ব'লেৰো পিক আপ ভেনে প্ৰচণ্ড খুন্দা মাৰি পলায়ন কৰে । ফলত টেম্পোখনত থকা সাতগৰাকী মহিলা আঘাতপ্ৰাপ্ত হয় ।
ইয়াৰে দুগৰাকী মহিলা থিতাতে নিহত হোৱাৰ লগতে আন চাৰিগৰাকী মহিলা গুৰুতৰভাৱে আহত হয় বুলি জানিবপৰা গৈছে । নিহত মহিলা দুগৰাকীৰ নাম মলয়া কাকতি আৰু ৰিংকু বৰ্মন । আহত চাৰিগৰাকী মহিলাৰ নাম থুনু তালুকদাৰ, ৰূপালী পাঠক, কবিতা মেধি আৰু জোনালী মেধি । নিহত দুয়োগৰাকী মহিলা একেখন গাঁৱৰে আছিল বুলি জানিবপৰা গৈছে ।
স্থানীয়লোকে আটাইকেইগৰাকী মহিলাকে মুকালমুৱা মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱাই যদিও আহত চাৰিওজনৰ আঘাত গুৰুতৰ হোৱাত চিকিৎসকে GMCH লৈ প্ৰেৰণ কৰে । নিহত দুয়োগৰাকী মহিলাৰে ঘৰ বৰুৱাপুটাত বুলি জানিবপৰা গৈছে । মহিলাকেইগৰাকী থকা টেম্পোখনৰ নম্বৰ AS-14C-4620 । উল্লেখযোগ্য যে মহিলাৰ দলটোৱে কামৰূপ জিলাৰ পছৰীয়াৰ ইমামি কোম্পানীত কৰ্মৰত আছিল ।
লগতে পঢ়ক: Woman missing in Sarupathar: সৰুপথাৰত ধনশিৰি নৈত সন্ধানহীন দুটি সন্তানৰ মাতৃ