Artificial floods in Nalbari: নলবাৰীক কৃত্ৰিম বানমুক্ত কৰাৰ প্ৰয়াস - নলবাৰীত কৃত্ৰিম বানমুক্ত কৰাৰ প্ৰয়াস
🎬 Watch Now: Feature Video
Published : Aug 23, 2023, 6:47 PM IST
নলবাৰী,২৩ আগষ্ট: নলবাৰীৰ বৰক্ষেত্ৰী অঞ্চলৰ কৃষকসকলৰ এটা দীৰ্ঘদিনীয়া সমস্যা হ'ল খেতিপথাৰৰ কৃত্ৰিম বান । এই কৃত্ৰিম বানৰ বাবে বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ কেইবাখনো গাৱঁৰ কৃষকে শাওনৰ খেতিপথাৰত শালিধানৰ খেতি কৰিব পৰা নাছিল । অঞ্চলটোৰ খেতি পথাৰৰ পৰা পানী ওলাই যোৱা কালভাৰ্টসমূহ বা পানী ওলাই যোৱা পথবোৰ বন্ধ হৈ থকা বাবে খেতি পথাৰসমূহ জলমগ্ন হৈ আছিল ।
যাৰ ফলত কৃষকসকলে খেতি কৰিব নোৱাৰি কেইদিনমান পূৰ্বে একাংশ কৃষকে বৰক্ষেত্ৰী ৰাজহ চক্ৰ বিষয়াক অভিযোগ দিছিল । তাৰ পিছতে বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া কৌস্তভ ৰয়ে মুকালমুৱা আৰক্ষীৰ সহযোগত কালদি, বনপুৰা, কচুৱা আৰু নাৰুৱা অঞ্চলৰ খেতিপথাৰত জমা হৈ থকা পানী নিষ্কাষণৰ বাবে কালভাৰ্ট আৰু বান্ধসমূহ খুলি দিয়ে । এচাম লোকে নিজৰ সুবিধাৰ্থে পথাৰৰ পানী ওলাই যোৱা পথসমূহ বন্ধ ৰাখিছিল ।
যাৰ ফলত পথাৰত কৃত্ৰিম বানৰ সৃষ্টি হোৱাত কৃষকসকলে খেতি কৰিব পৰা নাছিল । ৰাজহ চক্ৰ বিষয়া কৌস্তৱ ৰয়ে জানিব দিয়া মতে বৰক্ষেত্ৰী প্ৰশাসনে কেইবাটাও প্ৰান্তত কালভাৰ্ট আৰু বান্ধ খুলি প্ৰায় এহেজাৰ হেক্টৰ কৃষি ভূমি বানমুক্ত কৰি কৃষকক খেতি কৰিব পৰাকৈ ব্যৱস্থা কৰি দিয়ে ।
লগতে পঢ়ক: NPS workers protest: নতুন পেন্সন নীতি বাতিলৰ দাবীত কৰ্মচাৰীৰ উত্তাল প্ৰতিবাদ
TAGGED:
Artificial floods in Nalbari