একোটা নেমুৰ ওজন প্ৰায় 5 কেজি, ক’ত পাব এই নেমু ?

By ETV Bharat Assamese Team

Published : Dec 24, 2023, 8:21 PM IST

thumbnail

কৰ্ণাটক, 24 ডিচেম্বৰ : এটা নেমুৰ ওজন কিমান হ’ব পাৰে? খুব বেছি এশ গ্ৰাম, ডেৰশ গ্ৰাম ? কিন্তু জানি আচৰিত হ’ব যে কৰ্ণাটকৰ পালিবেট্টাৰ এখন বাগিচাত দেখা গ’ল এটা বিৰল প্ৰজাতিৰ নেমু ৷ যি নেমুৰ ওজন কল্পানাৰো অতীত ৷

কৰ্ণাটকৰ বাগিচাখনৰ প্ৰতিটো নেমুৰ ওজন প্ৰায় 5 কিঃগ্ৰাঃ ৷ আচৰিত ওজনৰ নেমুখিনিয়ে স্বম্ভিত কৰি তুলিছে স্থানীয় লোকসকলক ৷

মুকোণ্ডা বিজু সুব্ৰমনিয়াম নামৰ কৃষকগৰাকীৰ কফি বাগিচাত দেখা গ’ল অস্বাভাৱিক ওজনৰ নেমুখিনি ৷ উল্লেখ্য যে 5 কিঃগ্ৰাঃ ওজনৰ নেমুখিনি লাগিছে প্ৰায় 6 ফুট ওখ নেমুৰ গছত ৷

বাগিচাখনৰ স্বত্বাধিকাৰী মুকোণ্ডা বিজু সুব্ৰমনিয়ামে কয়, ‘‘ চাৰি বছৰ আগতে মই মহীশূৰ বজাৰৰ পৰা নেমু ফল কিনিছিলো । ঘৰৰ পিছফালে থকা বাগিচাখনত তাৰেই বীজ ৰোপণ কৰিছিলোঁ ৷ দুটা পুলি গজিছিল আৰু তাৰ 3 বছৰৰ পাছতেই নেমুপুলি দুটাই এই ৰূপ লয় ৷’’

লগতে পঢ়ক: খাদ্যৰ তালিকাত যোগ কৰক এই 5 বিধ খাদ্য, হ্ৰাস পাব হাৰ্ট এটাকৰ সম্ভাৱনা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.