thumbnail

Protest at Hatigaon: গুৱাহাটীত নিচাজাতীয় সামগ্ৰীৰ ব্যৱসায় চলাইছে ভুৱা কিন্নৰে !

By

Published : Apr 7, 2023, 9:26 PM IST

 গুৱাহাটী, ৭ এপ্ৰিল: হাতীগাঁওস্থিত তৃতীয় লিংগৰ লোকসকলৰ কাৰ্যালয় তথা আৱাসস্থলীত প্ৰকৃততে চলিছে কি ? তৃতীয় নিবাসত চলে নেকি নিষিদ্ধ নিচাযুক্ত সামগ্ৰীৰ বেহা ? হাতীগাঁৱৰ তৃতীয় নিবাস ৰূপান্তৰিত হৈছে এতিয়া ক্লাবলৈ । তৃতীয় নিবাসত চলে ড্ৰাগছ-গাঞ্জাৰ বেহা আৰু আড্ডা । এই গুৰুতৰ অভিযোগ উত্থাপন কৰে খোদ তৃতীয় নিবাসত বাস কৰা কিন্নৰে (Third Gender protest at Hatigaon) ৷  

শুকুৰবাৰে মহানগৰীৰ প্ৰায় শতাধিক কিন্নৰে হাতীগাঁও আৰক্ষী থানাৰ বাহিৰত ঘেৰাও প্ৰতিবাদ সাব্যস্ত কৰে (Protest at Hatigaon) ৷  কিন্নৰসকলে অভিযোগ উত্থাপন কৰা অনুসৰি তৃতীয় নিবাসটো কিন্নৰসকলৰ উন্নয়ণৰ হকে কাম কৰিবলৈ দিয়া হৈছিল ৷ কিন্তু সেই তৃতীয় নিবাসত এতিয়া কোনো কিন্নৰেই থাকিব পৰা অৱস্থাত নাই ৷ খাৰুপেটীয়া আৰু মঙলদৈৰ একাংশ ভুৱা কিন্নৰৰ সহযোগত পিংকী নামৰ এগৰাকী কিন্নৰ এই ভয়ংকৰ বেহা চলাই আছে ৷ 

ল’ৰাক শাৰী পিন্ধাই কিন্নৰৰ ভেশত তৃতীয় নিবাসটোত চলিছে ড্ৰাগছ, গাঞ্জাৰ অবাধ বেহা ৷ কেৱল ইয়াতেই ক্ষান্ত নাথাকি তৃতীয় নিবাসত থকা একাংশ কিন্নৰক প্ৰাণে মৰাৰ ভাবুকিও দিছে পিংকী আৰু সহযোগী কিন্নৰে । ইতিমধ্যে পিংকী নামৰ কিন্নৰগৰাকীৰ বিৰুদ্ধে হাতীগাঁও থানাত এজাহাৰ দাখিল কৰিছে প্ৰতিবাদকাৰী কিন্নৰসকলে ৷ অচিৰেই এই সন্দৰ্ভত উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায় প্ৰতিবাদকাৰী কিন্নৰসকলে ৷ 

লগতে পঢ়ক: No water bottle: কাজিৰঙাত ৰাষ্ট্ৰপতিৰ সভাত পানীৰ বাবে হাহাকাৰ মহিলাৰ !

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.