Fake currency: STF ৰ অভিযানত কেইবা লক্ষাধিক টকাৰ নকল নোট জব্দ - STF ৰ অভিযান
🎬 Watch Now: Feature Video
Published : Nov 1, 2023, 2:22 PM IST
গুৱাহাটী, ১ নৱেম্বৰ: মহানগৰীত পুনৰ নকল টকাৰ বিৰুদ্ধে STF ৰ অভিযান । STF ৰ অভিযানত এজন লোকসহ কেইবা লক্ষাধিক নকল নোট জব্দ কৰা হয় । জানিব পৰা মতে মঙলবাৰে নিশা মহানগৰীৰ লালমাটিৰ এখন হোটেলত এক গোপন সূত্ৰৰ পম খেদি STF এ অভিযান চলায় । এই অভিযানকালত কেইবা লক্ষাধিক টকাৰ ৫০০ টকীয়া নকল নোট জব্দ কৰে STF ৰ দলটোৱে ।
লগতে টকা বনোৱা মেচিন, প্ৰিণ্টাৰ, কাগজ আৰু বহু সামগ্ৰীও জব্দ কৰিবলৈ সক্ষম হয় । আনহাতে নকল নোট ব্যৱসায়ৰ লগত জড়িত এজন লোককো গ্ৰেপ্তাৰ কৰে অভিযানকাৰী দলটোৱে । গ্ৰেপ্তাৰ কৰা লোকজনৰ নাম নজৰুল মজুমদাৰ বুলি জানিব পৰা গৈছে ৷
শিলচৰৰ পৰা আহি বিগত ১০ দিন ধৰি গুৱাহাটীৰ এখন হোটেলত বাহৰ পাতিছিল নজৰুলে । এটা বৃহৎ নকল টকা ব্যৱসায়ী চক্ৰক দিবলৈ নজৰুলে জব্দকৃত ধনখিনি আনিছিল ৷ ইতিমধ্যে অভিযানকাৰী দলটোৱে ধৃত নজৰুলক বশিষ্ঠ আৰক্ষীক গতাই দিয়ে । ঘটনাৰ সন্দৰ্ভত অভিযান অব্যাহত ৰাখিছে বশিষ্ঠ আৰক্ষীয়ে ৷
লগতে পঢ়ক: Cement Factory at Sonapur : সোণাপুৰত চিমেণ্ট কোম্পানীৰ দৌৰাত্ম্য, স্থানীয় লোকক প্ৰাণে মৰাৰ ভাবুকি