ৰহাত আৰক্ষীৰ জালত নকল সোণসহ সৰবৰাহকাৰী

By ETV Bharat Assamese Team

Published : Jan 10, 2024, 9:33 PM IST

thumbnail

ৰহা, ১০ জানুৱাৰী: আৰক্ষীৰ কঠোৰ অভিযানৰ পিচতো ৰাজ্য়ত অব্য়াহত আছে নকল সোণৰ বেহা । ইয়াৰ মাজতেই নগাঁও জিলাৰ ৰহাত আজি আৰক্ষীৰ জালত পৰিল নকল সোণ সৰবৰাহকাৰী ৷ ৰহা আৰক্ষীয়ে ৰহাৰ দীঘলিআটীৰ পৰা গ্ৰেপ্তাৰ কৰে তিনি নকল সোণ সৰবৰাহকাৰীক ৷ ধৃত সৰবৰাহকাৰী তিনিটা হৈছে আজিজুৰ ৰহমান (কাকতি গাঁও), হবিবুৰ ৰহমান (চাপৰমুখ কাকতি গাঁও) আৰু আফাজুদ্দিন (হাৰিয়াপাৰ) ৷

ৰহা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মণিৰাম কলিতাই বুধবাৰে এই বিষয়ে সদৰী কৰিছে । ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মণিৰাম কলিতাই নকল সোণ সৰবৰাহকাৰী কেইটাৰ পৰা নাওৰ এটা টুকুৰা জব্দ কৰা বুলি কয় ৷ তদুপৰি আৰক্ষীয়ে সৰবৰাহকাৰী কেইটাই এই ব্য়ৱসায়ত ব্যৱহাৰ কৰা AS02W5481 নম্বৰৰ এখন বাইকো জব্দ কৰে ৷

লগতে পঢ়ক :শিক্ষকবিহীন বিদ্যালয়: শিক্ষা বিভাগৰ বিৰুদ্ধে ক্ষোভ বিধায়ক শ্বেৰমান আলীৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.