Fake Doctor Arrested: মৰিগাঁৱত ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ - Fake Doctor Arrested
🎬 Watch Now: Feature Video


Published : Nov 11, 2023, 4:20 PM IST
মৰিগাঁও, 11 নৱেম্বৰ : আমি চিকিৎসকক ভগৱান বুলি ভাবো ৷ কিন্তু ৰোগীক অন্ধকাৰত ৰাখি একাংশ মুন্না ভাই এম বি বি এছে চিকিৎসাৰ নামত ৰোগীৰ জীৱনক লৈ হেতালি খেলিছে ৷ শুকুৰবাৰে ৰোগীৰ জীৱনক লৈ হেতালি খেলি মৰিগাঁৱত গ্ৰেপ্তাৰ হ’ল ভুৱা চিকিৎসক ৷
উল্লেখ্য যে, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ উদ্যোগত বিগত দহ দিনে মৰিগাঁও জিলাৰ বিভিন্ন অঞ্চলত ভ্ৰাম্যমাণ চিকিৎসকৰ দল এটাই ৰোগীক চিকিৎসা প্ৰদান কৰি আহিছিল ৷ উক্ত চিকিৎসকৰ দলৰে এজন চিকিৎসক বুলি নিজকে পৰিচয় দি বিগত দহ দিনে ৰোগীক চিকিৎসা সেৱা আগবঢ়াই আহিছিল শ্বৰিমুল হক মজুমদাৰ নামৰ ভুৱা চিকিৎসকজনে ৷
কিন্তু মজুমদাৰৰ আচৰণত সন্দেহ ওপজাত অসম চিকিৎসক সেৱা সন্থাৰ বিষয়ববীয়াই খবৰ দিয়ে মৰিগাঁও জিলা স্বাস্থ্য বিষয়াক ৷ তাৰ পাচতে জিলা স্বাস্থ্য বিষয়া উক্ত স্থানত উপস্থিত হৈ তদন্ত কৰে আৰু ভুৱা চিকিৎসক মজুমদাৰক গ্ৰেপ্তাৰ কৰে ৷
লগতে পঢ়ক: Petrol pump sealed : গ্ৰাহকৰ সৈতে প্ৰৱঞ্চনা কৰাৰ অভিযোগত ছীল হ’ল পেট্ৰ’ল পাম্প