Fake DC Arrested: তেজপুৰ আৰক্ষীৰ জালত Duplicate DC - অংকুৰ শইকীয়াসহ 10 জনীয়া দল

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jun 26, 2023, 5:33 PM IST

Updated : Jun 26, 2023, 7:13 PM IST

তেজপুৰ, ৬ জুন: মানুহ মাত্ৰেই চখো ভিন্ন ভিন্ন ৷ প্ৰতিগৰাকী লোকেই নিজৰ চখসমূহ পূৰণ হোৱাটো বিচাৰে ৷ কিন্তু কিছুমান চখ মানুহৰ বাবে হিতে বিপৰীত হোৱাৰ দৰেহে হয় ৷ এইবাৰ চখ পূৰাবলৈ গৈ তেজপুৰত ভুৱা আয়ুক্ত, দেহৰক্ষীসহ 10 জনীয়া এটা দলক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ বিগত কেইবাদিন ধৰি গোলাঘাটৰ অংকুৰ শইকীয়া (29) নামৰ লোকজনে নিজকে জিলা উপায়ুক্ত বুলি পৰিচয় দি তেজপুৰৰ লগতে বিভিন্ন ঠাইৰ পৰা ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হৈছিল ৷

লগতে আৰক্ষীয়ে দলটোৰ পৰা তিনিখন বিলাসী বাহনো জব্দ কৰিবলৈ সক্ষম হয় ৷ জানিব পৰা মতে যোৱা বুধবাৰৰ পৰা তেজপুৰৰ লগতে উপকণ্ঠ অঞ্চলসমূহত গোলাঘাট জিলাৰ বাসিন্দা অংকুৰ শইকীয়াই তিনিজনীয়া দেহৰক্ষীসহ দহজন লোকক লৈ নিজকে শোণিতপুৰ জিলাৰ নতুন আয়ুক্ত হিচাপে পৰিচয় দিছিল ৷ 

সোমবাৰে অপৰাধ অনুসন্ধান শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বিৰিঞ্চি বৰুৱাৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে তেজপুৰ মাজমজিয়াৰ পৰা আটক কৰিবলৈ সক্ষম হয় ভুৱা আয়ুক্তৰ দলটোক ৷

ইফালে সাংবাদিকৰ প্ৰশ্নত ভুৱা আয়ুক্ত অংকুৰে কয় যে তেওঁলৈ এটা অসম চৰকাৰৰ এটা মেইল আই ডিৰ পৰা মেইল আহিছিল যে 26 জুনৰ পৰা তেওঁ জিলা আয়ুক্ত হিচাপে যোগদান কৰিব লাগিব ৷ সেই অনুসৰিহে তেওঁ এনেকৈ আহিছিল ৷ কাজিৰঙা বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল অংকুৰে ৷ এইবাৰ APSC ৰ পৰীক্ষাৰ প্ৰাৰম্ভিকত উত্তীৰ্ণ হৈছিল অংকুৰ ৷    

সম্প্ৰতি তেজপুৰ সদৰ আৰক্ষীয়ে অধিক তথ্যৰ বাবে সোধা-পোছা  অব্যাহত ৰাখিছে দলটোক ৷ আটকাধীন লোককেইজন হ’ল অংকুৰ শইকীয়া (ভুৱা উপায়ুক্ত), বিশাল হাজৰিকা (জামুগুৰি, শোণিতপুৰ) , বিকি হাজৰিকা (জামুগুৰি, শোণিতপুৰ) ,সোণটি হাজৰিকা (জামুগুৰি) অচিন্ত দাস (নগাঁও) , নিতুমনি দাস (গুৱাহাটী) , অজিত দাস (নগাঁও) , কৌশিক কলিতা (গেৰুৱা) , হিমাল ভৰালী (কামৰূপ), ৰিংকু কলিতা (হাজো)

অৱশ্যে তেজপুৰত এয়াই প্ৰথম ঘটনা নহয় ৷ ইয়াৰ পূৰ্বেও এজন ইউটিউবাৰে চখ পূৰণ কৰিবলৈ আৰক্ষীৰ পোছাক অনলাইনযোগে অৰ্ডাৰ কৰি নিজকে আৰক্ষী বিষয়া হিচাপে পৰিচয় দি আৰক্ষীৰ জালত পৰিছিল ৷  

লগতে পঢ়ক: Fake Police: চখ পূৰাবলৈ গৈ আৰক্ষী বিষয়া হ’ল ইউটিউবাৰ, এতিয়া ৰঙাঘৰলৈ যোৱাৰ যো জা হিমাংশুৰ

Last Updated : Jun 26, 2023, 7:13 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.