Fake Currency Seized: বশিষ্ঠ আৰক্ষীৰ জালত নকল টকাসহ সৰবৰাহকাৰী - Traffickers in police traps with fake currency
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/640-480-18205815-thumbnail-16x9-kaa.jpg)
গুৱাহাটী, 9 এপ্ৰিল: মহানগৰীত নকল টকাৰ উজান ৷ এইবাৰ বশিষ্ঠ আৰক্ষীৰ জালত নকল টকাৰ সৰবৰাহকাৰী ৷ এক গোপন খবৰৰ ভিত্তিত খানাপাৰাত অভিযান চলাই বশিষ্ঠ আৰক্ষীয়ে জব্দ কৰে ২ লাখ ৯৩ হাজাৰ টকাৰ নকল নোটৰ লগতে এটা ম’বাইল ফোন (Fake Currency Seized in Guwahati) ৷
অভিযানত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মেঘালয়ৰ মেবাকিনচাই লাংষ্টাং নামৰ এটা সৰবৰাহকাৰীক ৷ জানিব পৰা মতে মেবাকিনচাই লাংষ্টাং নামৰ সৰবৰাহকাৰীটোৱে মহানগৰীৰ কোনো ব্যক্তিক নকল নোটখিনি দিয়াৰ উদ্দেশ্যে মেঘালয়ৰ পৰা খানাপাৰালৈ আহিছিল (Fake Currency Seized) ৷ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে বশিষ্ঠ আৰক্ষীয়ে (Traffickers in police traps with fake currency) ৷
উলল্লেখযোগ্য যে, আৰক্ষীৰ কঠোৰ অভিযানৰ মাজতো ৰাজ্যত বিগত কিছুদিনৰ পৰা বৃদ্ধি পাইছে নকল টকাৰ সৰবৰাহ ৷