Fake currency seized: নকল টকা বনোৱা মেছিনসহ বিশ্বনাথত গ্ৰেপ্তাৰ 5 - গাড়ীখন জব্দ কৰিছে আৰক্ষীয়ে
🎬 Watch Now: Feature Video


Published : Nov 11, 2023, 7:01 AM IST
বিশ্বনাথ, 11 নৱেম্বৰ : শুকুৰবাৰে বিশ্বনাথ আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই নকল টকা বনোৱা মেছিনসহ পাঁচটা গ্ৰেপ্তাৰ কৰে ৷ ধৃতকেইটা ক্ৰমে বিহপুৰীয়াৰ ফজলুৰ ৰহমান, মিনাৰা বেগম, বাবুল হুছেইন, চিলাপথাৰৰ অজয় বিশ্বকৰ্মা আৰু গুৱাহাটীৰ ছয় মাইলৰ অজিত গগৈ বুলি জানিব পৰা গৈছে ৷
অজিত গগৈ গুৱাহাটীৰ এটা প’ৰ্টেল চেনেলৰ মুখ্য সম্পাদক আৰু ফজলুৰ ৰহমান প’ৰ্টেল চেনেলটোৰ সাংবাদিক বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷ জানিব পৰা মতে, বাবুল হুছেইনে প্ৰাণজিৎ ট্ৰেভেলছৰ এখন নৈশ বাছত আহিছিল আৰু বাছখনৰ পিছে পিছে বাকীকেইটা এখন ৱেগনাৰ বাহনত আহিছিল ৷
নকল টকা বনোৱা মেছিনটোৰ সৈতে AS 01 MC7309 নম্বৰৰ ৱেগনাৰ গাড়ীখন জব্দ কৰিছে আৰক্ষীয়ে । লক্ষীমপুৰৰ পৰা গুৱাহাটী অভিমুখে আহি থকাৰ সময়তে আৰক্ষীৰ জালত পৰে দলটো ৷
লগতে পঢ়ক: Theft in Dergaon : দেৰগাঁও থানাৰ নিচেই কাষৰ পৰা চোৰে লৈ গ’ল নগদ ধন