Fake cash seized: জামুগুৰি আৰক্ষীৰ জালত 12 হাজাৰ জালনোটসহ এটা সৰবৰাহকাৰী - সৰবৰাহকাৰীক আটক
🎬 Watch Now: Feature Video
চতিয়া, 24 মে’: আৰক্ষী বিষয়া জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ পিচতে অসম আৰক্ষীয়ে ৰাজ্যজুৰি নকল সোণ আৰু জালনোট চক্ৰৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে ৷ প্ৰতিদিনে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা জালনোটকে ধৰি নকল সোণ জব্দ কৰাৰ লগতে ভালেকেইটা সৰবৰাহকাৰীক আটক কৰিছে আৰক্ষীয়ে ৷ মঙলবাৰে নিশা জামুগুৰিহাটত আৰক্ষীয়ে অভিযান চলাই বৃহৎ সংখ্যক জালনোটৰ লগতে এটা সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হৈছে (Fake cash seized at Jamugurihat)৷
জামুগুৰি আৰক্ষীয়ে এক বিশেষ সূত্ৰৰ পম খেদি অঞ্চলটোৰ কাছমাৰী ভৈৰৱীৰ পৰা ইয়ানুছ আলী নামৰ সৰবৰাহকাৰীটোক আটক কৰাৰ লগতে পাঁচশ টকীয়া জালনোটসহ বাৰ হাজাৰ নকল টকা জব্দ কৰিবলৈ সক্ষম হয় ( smuggler detained at Jamugurihat )। আৰক্ষীয়ে ইতিমধ্যে জালনোটসহ আটক কৰা লোকজনক জেইল হাজোতলৈ প্ৰেৰণ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে ৷
লগতে পঢ়ক: Government Officer commits suicide: জোনাই মহকুমা তথ্য ও জনসংযোগ বিষয়াৰ আত্মহত্যা