Bike Thief Video: চোৰৰ চতুৰালি, চিচিটিভিত বন্দী মটৰ চাইকেল চুৰি কৰাৰ দৃশ্য - Bike Thief at Amguri
🎬 Watch Now: Feature Video
আমগুৰি, ২৪ মাৰ্চ: শিৱসাগৰ জিলাৰ আমগুৰিত চোৰৰ অতপালি (Bike Thief Video) ৷ আমগুৰিত আৰক্ষীৰ দুৰ্বলতাৰ সুযোগ লৈ পুনৰ সক্ৰিয় হৈ পৰিছে মটৰ চাইকেল চোৰৰ চক্ৰ (Exclusive video of Bike Thief)। আৰক্ষীৰ অস্তিত্বক নস্যাৎ কৰি বৃহস্পতিবাৰে আমগুৰি নগৰৰ মাজমজিয়াৰ পৰাই চোৰে চুৰি কৰি লৈ যায় এখন পালচাৰ মটৰচাইকেল (Bike Thief at Amguri)।
জানিব পৰামতে আমগুৰি নগৰৰ ৫ নং ৱাৰ্ডৰ আমগুৰি সামুহিক চিকিৎসালয় পথৰ দেৱানন্দ কলিতা নামৰ শিক্ষক গৰাকীৰ এএছ০৩ এন ৭৬৮৩ নম্বৰৰ ৰঙা ৰঙৰ পালচাৰ মটৰচাইকেল খন নিজা বাসগৃহৰ সন্মুখত ৰখাই থোৱাৰ পৰাই চোৰে লৈ যায়।
আমগুৰি আৰক্ষীয়ে ঘটনাস্থলীৰ সমীপৰ চিচি কেমেৰাৰ ফুটেজ পৰীক্ষা কৰি অনুসন্ধান আৰম্ভ কৰিছে। উল্লেখযোগ্য যে, কেইদিনমানৰ পূৰ্বে আমগুৰি সাপ্তাহিক বজাৰৰ পৰাও এখন মটৰ চাইকেল চুৰি হয় বুলি জানিব পৰা গৈছে ৷ যদিও আমগুৰি আৰক্ষীয়ে এই পৰ্যন্ত চোৰৰ সম্ভেদ উলিয়াবলৈ সক্ষম হোৱা নাই ৷
লগতে পঢ়ক: Corruption in JJM Scheme : কলগাছিয়াৰ ৰুভি গাঁৱত জল জীৱন মিছনৰ নামত বিয়াগোম দুৰ্নীতি