Illicit liquor in Tinsukia: সুৰাৰ অবৈধ ঘাটিৰ বিৰুদ্ধে তিনিচুকীয়াত আবকাৰী বিভাগৰ অভিযান - Excise drive against illicit liquor in Tinsukia
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-17480604-thumbnail-3x2-fjdjg.jpg)
তিনিচুকীয়া সদৰ আবকাৰী বিভাগৰ নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান অব্যাহত (Tinsukia Excise Department) ৷ তিনিচুকীয়া চহৰখনৰ বিভিন্ন স্থানত থকা চুলাই মদৰ অবৈধ ঘাটিসমূহ উৎখাত কৰিবলৈ আবকাৰী বিভাগে ধাৰাবাহিক অভিযান চলাই গৈছে যদিও সম্পূৰ্ণভাৱে উৎখাত কৰিব পৰা নাই অবৈধভাৱে স্থাপন কৰা সুৰাৰ আড্ডা অথবা ইয়াৰ উৎপাদন ৷ চহৰখনত চুলাই মদ প্ৰস্তুত কৰা গুড় সুলভভাৱে উপলব্ধ হোৱাৰ বাবেই চুলাই ভাটিসমূহে পুনৰ মূৰদাঙি উঠা বুলি ৰাইজৰ অভিযোগ । ইয়াৰ মাজতে শুকুৰবাৰে দিনৰ ভাগত তিনিচুকীয়া সদৰ আবকাৰী বিভাগৰ পৰিদৰ্শক জয়ন্ত ৰাজখোৱাৰ নেতৃত্বত আবকাৰী আৰু অৰ্ধসামৰিক বাহিনীৰ এটা দলে গুইজান আৰক্ষী চকীৰ এলেকাৰ নতুন গাঁও, মাগুৰি বিল আদি অঞ্চলত সুৰাৰ অবৈধ ঘাটিসমূহৰ বিৰুদ্ধে অভিযান চলায় (Excise drive against illicit liquor) ৷ অভিযানকালত প্ৰায় ৪০ লিটাৰ চুলাই মদ আৰু প্ৰায় ৪৬০০ লিটাৰ চুলাই প্ৰস্তুত কৰা গেলাপাছৰ লগতে সুৰা প্ৰস্তুতত ব্যৱহৃত ভালেসংখ্যক সা-সৰঞ্জাম কাটি-ভাঙি নষ্ট কৰে বুলি বিভাগটোৱে সদৰি কৰে (Destroyed liquor and tobacco products in Tinsukia)।