Durga Idol Immersion : সম্প্ৰীতিৰ মিলনভূমিত পৰিণত বালিকুৰি - সম্প্ৰীতিৰ মিলনভূমিত পৰিণত বালিকুৰি
🎬 Watch Now: Feature Video


Published : Oct 25, 2023, 7:10 AM IST
জনীয়া, 25 অক্টোবৰ: মঙলবাৰে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে বৰপেটা জিলাৰ জনীয়া সমষ্টিটো দেৱী বিসৰ্জন কাৰ্যসূচী গ্ৰহণ কৰা হয় ৷ বালিকুৰি এন চি গাঁৱৰ দুখনকৈ কলনীত 71 সংখ্যক মা দুৰ্গা প্ৰতিমা ৰাইজে উখল-মাখল পৰিৱেশৰ মাজেৰে বেকী নদীত বিসৰ্জন দিয়ে । অৱশ্যে সাধাৰণ পূজাতকৈ ব্যতিক্ৰম এই পূজা অথবা এই বিজয়া দশমী ৷ কিয়নো কেৱল মাত্ৰ 1 শতাংশ হিন্দু লোকহে জড়িত এই পূজাখনৰ সৈতে ৷ গৰিষ্ঠসংখ্যক ইছলাম ধৰ্মাৱলম্বী লোকৰ দান-বৰঙণি তথা শ্ৰম জড়িত হৈ আছে এই পূজাৰ সৈতে ৷
কলগাছিয়াৰ বালিকুৰি এন চি গাঁৱত হিন্দু সম্প্ৰদায় আৰু মুছলমান সম্প্ৰদায়ৰ লোকে মিলি বছৰ বছৰ ধৰি দুৰ্গা পূজা আয়োজন কৰি অহাৰ লগতে বিসৰ্জন দি আহিছে দেৱীৰ প্ৰতিমা ।
লগতে পঢ়ক: Durga Idol Immersion Biswanath : বিশ্বনাথত ব্যাপক আনন্দ-উল্লাসৰ মাজেৰে দেৱীৰ প্ৰতিমা বিসৰ্জন