Ex ULFA Unity Forum: 8 ৰ পৰা 10 এপ্ৰিললৈ তেজপুৰত প্ৰাক্তন আলফা ঐক্যমঞ্চৰ তৃতীয় অধিৱেশন - ULFA leader Apun Chetia

🎬 Watch Now: Feature Video

thumbnail

By

Published : Mar 28, 2023, 9:01 PM IST

বৰপেটা, 28 মাৰ্চ: অহা 8, 9 আৰু 10 এপ্ৰিলত শোণিতপুৰ জিলাৰ তেজপুৰৰ বাণ থিয়েটাৰৰ ৰংগমঞ্চত অনুষ্ঠিত হ’ব প্ৰাক্তন আলফা ঐক্যমঞ্চৰ তৃতীয় অধিৱেশন (Ex ULFA Unity Forum session in Tezpur) ৷ সমগ্ৰ ৰাজ্যৰ প্ৰাক্তন আলফা সদস্যসকলক সংগঠিত কৰি তোলাৰ প্ৰচেষ্টাৰে তেজপুৰত অনুষ্ঠিত হ’ব লগীয়া প্ৰাক্তন আলফা ঐক্যমঞ্চৰ অধিৱেশনক লৈ সম্প্ৰতি তৎপৰ আলফাৰ প্ৰাক্তন সচিব অনুপ চেতিয়া (ULFA leader Apun Chetia) ৷

প্ৰতিখন জিলাৰ প্ৰাক্তন আলফা সদস্যসকলক সংগঠিত কৰাত ব্যস্ত অনুপ চেতিয়া ৷ মঙলবাৰে বৰপেটাৰ ভেল্লাত বৰপেটা জিলাৰ প্ৰাক্তন আলফা সদস্যসকলক সংগঠিত কৰাৰ লগতে নতুন জিলা সমিতি গঠন কৰে অনুপ চেতিয়াই (Ex ULFA Unity Forum) ৷  

আলফা এতিয়াও শক্তিশালী হৈ আছে আৰু অস্তিত্ব শেষ হৈ যোৱা নাই বুলি মন্তব্য অনুপ চেতিয়াৰ ৷ ইফালে, চৰকাৰৰ সৈতে আলোচনা প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰাক্তন আলফা ঐক্যমঞ্চ আলোচনাৰ সৈতে জৰিত নাই যদিও আলফাৰ সৈতে চলি থকা আলোচনা অন্তিম পৰ্যায়ত স্থবিৰ হৈ থকা বুলি মন্তব্য অনুপ চেতিয়াৰ (ULFA govt peace talk) ৷  

ভাৰত চৰকাৰে আলফা আৰু আলফা স্বাধীনৰ সৈতে একেলগে আলোচনাত বহি এখন চুক্তি কৰিব লাগে বুলি উল্লেখ অনুপ চেতিয়াৰ ৷ অসমীয়া আৰু খিলঞ্জীয়াৰ সংজ্ঞা নিৰ্ধাৰণৰ বাবেও চৰকাৰক দাবী জনায় অনুপ চেতিয়াই ৷ 

লগতে পঢ়ক: Youth missing in Tinsukia: বৰডুমচাৰ পৰা সন্ধানহীন যুৱক; আলফা স্বাধীনত যোগদানৰ সন্দেহ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.